প্ৰায় ৩০কোটি লোকক বিনামূলীয়াকৈ কৰ’নাৰ ভেকচিন দিয়াৰ পৰিকল্পনা কেন্দ্ৰৰ

WhatsApp Image 2020 11 07 at 5.57.18 PM

স্বাস্থ্যকৰ্মী আৰু বয়োজ্যেষ্ঠ লোকসকলৰ সহিতে প্ৰায় ৩০ কোটি লোকক বিনামূলীয়াকৈ কৰ’না ভাইৰাছৰ প্ৰতিষেধক প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

প্ৰাথমিকভাৱে কাক ভেকচিন দিয়া হ’ব সেই বিষয়ে ইতিমধ্যে তালিকা প্ৰস্তুত কৰাৰ কথাও সদৰী কৰিলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে ৷

আনহাতে বিগত সময়ত ভেকচিন উপলব্ধৰ কাৰণে আধাৰ কাৰ্ডৰ প্ৰয়োজন হ’বনে নহয় এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰে কেন্দ্ৰই ৷

ভেকচিনৰ কাৰণে আধাৰ কাৰ্ড বাধ্যতামূলক নহয় বুলি সদৰী কৰে কেন্দ্ৰই।

ভেকচিনৰ কাৰণে নিৰ্বাচিত হোৱা তালিকাত আছেঃ

চিকিৎসক-নাৰ্চ,আশাকৰ্মীৰ সহিতে প্ৰায় ১ কোটি স্বাস্থ্যকৰ্মী।

কৰ’না যুদ্ধত নিয়োজিত পুলিছ কৰ্মী,সেনা বাহিনীৰ লগতে ২ কোটি জনগণ ৷

৫০ বছৰ উৰ্ধ্বৰ ২৬ কোটি জনগণক প্ৰাথমিকভাৱে প্ৰতিষেধক দিয়া হ’ব ৷

৫০ বছৰতকৈ কম হ’লেও ৰুগীয়া প্ৰায় ১০ মিলিয়ন লোকক দিয়া হ’ব কৰ’নাৰ ভেকচিন ৷

উল্লেখযোগ্য যে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে ৰাজ্যসমূহক এখন টাস্ক ফৰ্চ গঠন কৰিবৰ কাৰণে আহ্বান কৰে। যাতে ভেকচিন বিতৰণৰ কাম সূচাৰূপে সম্পন্ন হয় ।আনহাতে বিভিন্ন লোকসকলে টিকা কৰণৰ প্ৰাকমুহূৰ্তত চৰকাৰী প্ৰমাণ পত্ৰ দেখুৱাব লাগিব বুলি আহ্বান কৰে।

Exit mobile version