গোবৰেৰে বনোৱা হৈছে দেৱতাৰ মূৰ্তি-চাকি, বিনিময়ত দিব লাগিব গো-খাদ্য

pic e1604817398816

পৰিৱেশ বন্ধু স্বৰূপ গৰুৰ গােবৰেৰে এইবাৰ প্ৰস্তুত কৰা হৈছে দেৱতাৰ মূর্তি। সমাগত দ্বীপান্বিতাত গােবৰৰ চাকিও লাভ কৰিব পৰা যাব । প্ৰদূষণ হ্রাসৰ লক্ষ্যৰে পঞ্জাৱৰ এটা স্বেচ্ছাসেৱী সংস্থাই গােবৰেৰে দেৱ-দেৱীৰ মূৰ্তিৰ লগতে চাকি বনােৱাত জড়িত হৈ পৰিছে । কামত নলগা অতিৰিক্ত গােবৰ খেতিপথাৰত সাৰ হিচাপে ব্যৱহাৰ কৰিব। সবাতােকৈ ডাঙৰ কথা হ’ল স্বেচ্ছাসেৱী সংস্থাটোৱে বনােৱা মূর্তি অথবা বিভিন্ন সামগ্রী ক্ৰয় কৰিবলৈ ধন দিব নালাগে । বিনামূল্যে এইবিলাক প্রদান কৰা হ’ব।

কোনােৱে যদি এই ক্ষেত্ৰত একান্তই কিছু দিব বিচাৰে তেন্তে সংস্থাক গাে-খাদ্য যােগান ধৰিলেই হ’ব। গৌৰীশংকৰ সেৱা দল নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ সঞ্চালক ৰমেশ শর্মাই জনােৱা অনুসৰি সংস্থাটোৰ মহালি আৰু চণ্ডীগড়ত দুটা কেন্দ্র আছে। দুয়ােটা কেন্দ্রতে কে’বাশ গৰু আছে । ফলত সংস্থাই গােবৰৰ নাটনিৰাে সন্মুখীন হ’বলগীয়া নহয়। প্রথম অৱস্থাত বিশাল পৰিমাণৰ গােবৰক লৈ কি কৰা হ’ব সেই কথাক লৈ সংস্থাটোৱে চিন্তা কৰাৰ সময়তে মূর্তি আৰু চাকি বনােৱাৰ কথাটো পােহৰলৈ আহে।

তদুপৰি হিন্দু ধর্ম বিশ্বাস অনুসৰি গােবৰক অতিকৈ পৱিত্ৰ জ্ঞান কৰা হয়। এই পৱিত্ৰ উপকৰণৰে দ্বীপান্বিতাত দেৱতাৰ মূর্তি তথা চাকি বনােৱাৰ লক্ষ্য সন্মুখত ৰাখিয়ে এই উদ্যোগ গ্রহণ কৰা হয়। সঞ্চালক শর্মাই দাবী কৰা অনুসৰি সাধাৰণতে যিবিলাক উপকৰণৰে দ্বীপান্বিতাৰ সামগ্রী বনােৱা হয় সেয়া অনিষ্টকাৰক।

সেয়েহে সামগ্রীবিলাক সহজতে নষ্ট নহয়।  ফলত প্ৰদূষণৰ আশংকা অধিক বৃদ্ধি পায়। কিন্তু গােবৰৰে বনােৱা মূর্তি অথবা চাকিৰ অধিক ব্যৱহাৰে প্ৰদূষণ সৃষ্টি কৰাৰ নাথাকে। বিপৰীতে ই মাটিত মিলি গৈ জৈৱিক সাৰৰ ৰূপতহে ভৱিষ্যতে কাম কৰিব। গৌৰীশংকৰ সেৱা দলে মূর্তি আৰু চাকিৰ বাহিৰেও গােবৰেৰে বিভিন্ন সামগ্রী বনাই আহিছে যিবিলাক সামগ্রী পােনপটীয়াভাৱে মাটিত মিলি যাব পাৰে ।

আনহাতে, এই সামগ্ৰীৰ বিনিময়ত প্ৰদান কৰা গাে-খাদ্যৰে সংস্থাৰ দুয়ােটা কেন্দ্ৰত থকা গৰুবিলাকেও খাদ্য নিশ্চিতি লাভ কৰিবলৈ সক্ষম হৈছে। আগন্তুক দ্বীপান্বিতাত মূর্তি আৰু চাকিৰ লগতে প্রয়ােজনীয় অন্যান্য সামগ্রী লাভ কৰিব পৰাকৈ সংস্থাই ইতিমধ্যে সাজু হৈছে। সাধাৰণ ৰাইজেও সামগ্রীবিলাক মহালি আৰু চণ্ডীগড় কেন্দ্ৰৰ পৰা লৈ যাব বুলি সঞ্চালক শৰ্মাই আশা প্রকাশ কৰিছে।

Exit mobile version