জ’ বাইডেনৰ বিজয় উদযাপনৰ মুহূৰ্ত শ্বেয়াৰ কৰিলে বাইডেনৰ নাতিনীয়েকে

WhatsApp Image 2020 11 08 at 2.06.31 PM

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নির্বাচনত পেনছিলভেনিয়াত তীব্ৰ প্ৰতিদ্বন্দীতাৰ যুঁজত জ’ বাইডেনে জয় লাভ কৰাৰ পিছত পৰিয়ালে সমূহীয়া ভাৱে উদযাপন কৰাৰ মুহূৰ্ত দেখিবলৈ পোৱা গ’ল । আনন্দ আৰু উৎফুল্লিত হৈ কৰা পাৰিবাৰিক উদযাপনৰ মুহূৰ্ত টুইটাৰ যোগে শ্বেয়াৰ কৰিলে ৰাষ্ট্ৰপতিগৰাকীৰ নাতি নাওমি বাইডেনে। ফটোখন শ্বেয়াৰ কৰি সাধাৰণভাৱে লিখে “১১.০৭.২০২০” ।

২৭০ টা ইলেক্ট্ৰৰেল ভোটসহ পেনছিলভেনিয়াত জয় লাভ কৰাৰ পিছত জ’ বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হয় । জ’ বাইডেনৰ পুত্ৰ হাণ্টাৰ আৰু প্ৰথম পত্নী কেথলিনৰ কন্যা ২৭ বছৰীয়া নাওমিয়ে শ্বেয়াৰ কৰা ফটো খনত জ’ বাইডেনক এক সন্তুষ্টিসূচক এক হাঁহি মাৰি থকা পৰিলক্ষিত হৈছে ।

আমেৰিকান সংবাদ মাধ্যমৰ মতে, নাওমিয়ে হৈছে বাইডেনৰ একমাত্ৰ নাতিনীয়েক যাৰ সাৰ্বজনিক ইনষ্টাগ্ৰাম একাউন্ট আছে। উল্লেখ্য যে, ৭৭ বৰ্ষীয় বাইডেন আমেৰিকাৰ ইতিহাসত আটাইতকৈ বয়সস্থ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে।

Exit mobile version