পাণৰ দোকানত ৫২খন দেশৰ নোট

Screenshot 46

মানুহ মাত্ৰেই মনৰ পাৰ্থক্য থাকে । কোনো মানুহ ভ্ৰমণ বিলাসী হয় । কোনোজনে আকৌ পুৰণি ডাক টিকট সংগ্ৰহ কৰি ভাল পায় । ইয়াৰ বিপৰীতে মুৰ্শিদাবাদৰ ফাৰাক্কা বেৰেজ কল’নীৰ ৰীজু ইছলামে আকৌ দেশ-বিদেশৰ মুদ্ৰা সংগ্ৰহ কৰি ভাল পায় । একমাত্ৰ মুদ্ৰাই নহয়, দেশ-বিদেশৰ ‘নোট’ সংগ্ৰহ কৰাটোও ৰিজুৰ এক অন্যতম প্ৰিয় কাম ।

পাণ বিক্ৰেতা হিচাপে জীৱন সংগ্ৰাম আগবঢ়াই নিয়া ৰিজুৰ স্থানীয় বেৰেজ বজাৰত এখন দোকান আছে । পাণৰ বাহিৰেও সংলগ্ন অন্যান্য কিছু সামগ্ৰীও বিক্ৰী কৰি কোনোৰকম জীৱনটো আগবঢ়াই নিছে ৰিজুৱে; কিন্তু ৰিজুৰ দোকানখনকেই মুদ্ৰাৰ সংগ্ৰহালয় বুলিব পাৰি ।

ভাৰতৰ লগতে বিদেশৰ বিভিন্ন মুদ্ৰা নোট ৰিজুৰ দোকানখনলৈ গ’লেই দেখা পোৱা যায় । মুঠতে ৫২খন দেশৰ নোট আছে ৰিজুৰ দোকানত । ভাৰতত প্ৰচলিত নোট সময় অনুসৰি শাৰী শাৰীকৈ সজাই থোৱা আছে । যিবিলাক নোটৰ অধিকেই সম্প্ৰতি দোকানে-বজাৰে দেখিবলৈ পোৱা নাযায় । পাণ ক্ৰয় নকৰা সকলেও ৰিজুৰ দোকিনলৈ আহে মূলতঃ দেশ-বিদেশৰ নোট বিলাক চাবলৈকেই ।

ৰিজুৱে জনোৱা অনুসৰি সৰু কালৰে পৰা তেওঁ দেশ-বিদেশৰ নোট সংগ্ৰহ কৰি ভাল পাইছিল । ৰিজুৰ পিতৃয়েও এনেদৰে নোট সংগ্ৰহ কৰি ৰাখিছিল । সেয়েহে পিতৃ পদাংক অনুসৰণ কৰাটো ৰিজুৰ বাবে হাবিয়াসলৈ পৰিণত হয় । ৰিজুৱে বিভিন্ন জনৰ পৰা মুদ্ৰা সংগ্ৰহ কৰি আহিছিল । বহুজনৰ পৰা ক্ৰয় কৰিও আনিছিল । পাছত তেনে মুদ্ৰা আৰু নোট দোকানত সজাই ৰাখিছিল ।

ৰিজুৱে এই সন্দৰ্ভত কয়, ‘বহু কম বয়সীয়া ল’ৰা-ছোৱালী মোৰ দোকানলৈ আহে । ভাৰতৰ পুৰণি নোটবিলাক দেখি অতিকৈ আনন্দিত হয় ল’ৰা-ছোৱালীবিলাক ।’ একমাত্ৰ টকা সংগ্ৰহতেই নহয়, বিভিন্ন ৰকমৰ পাণ বনোৱাতো পাকৈত ৰিজু । মুঠতে ১৮২ ধৰণে পাণ বনাব পাৰে বুলি জানিবলৈ দিছে ৰিজুৱে ।

উল্লেখ্য যে ৰিজুৰ দৰে বহুতেই নোট অথবা মুদ্ৰা সংগ্ৰহৰে বিশ্বত বিভিন্ন প্ৰন্তত খ্যাতি অৰ্জন কৰিছে । এই ক্ষেত্ৰত মুদ্ৰা সংগ্ৰহ কৰাসকলক ‘নিউমিচমেটিষ্ট’ আৰু নোট সংগ্ৰহ কৰা ‘নোটাফিলিষ্ট’ হিচাপে জনা যায় ।

Exit mobile version