ট্ৰাম্পক পৰাজয় স্বীকাৰ কৰিবলৈ আহ্বান মেলানিয়া ট্ৰাম্পৰ

200612 melania trump mc 1430 67afd32b361355f09d070a0ce0fa381f

পৰাজয় স্বীকাৰ কৰিবলৈ আহ্বান কৰিছে আমেৰিকাৰ ফাষ্ট লেডী মেলানিয়া ট্ৰাম্পে । ইফালে ট্ৰাম্পৰ জোৱায়েক Jared Kusner ৰ লগতে তেওঁৰ অন্তৰংগ বন্ধুসকলেও ইতিমধ্যে ট্ৰাম্পক পৰাজয় স্বীকাৰ কৰিবলৈ আহ্বান কৰিছে । ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিকৰ প্ৰাৰ্থী জ’ বাইডেনে ইলেক্ট’ৰেল ভোট ২৭০তকৈ অধিক ভোট লাভ কৰি জয় লাভ কৰে ৷ কিন্তু এই পৰ্যন্ত ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰা নাই ট্ৰাম্পে । ট্ৰাম্পৰ মতে “জ’ বাইডেন এতিয়াও জয়ী হোৱা নাই । শেষ যুদ্ধখন এতিয়াও বাকী আছে। “

অৱশ্যে এতিয়াও মেলানিয়াই নিৰ্বাচনৰ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। মেলানিয়া ট্ৰাম্পে নিৰ্বাচনী প্ৰচাৰত ট্ৰাম্পৰ লগত প্ৰায়ে দেখা গৈছিল । গতিকে সম্প্ৰতি সকলোৱে ট্ৰাম্পক পৰাজয় স্বীকাৰ কৰিবলৈ আহ্বান কৰিছে ৷ ট্ৰাম্পৰ মতে জ’ বাইডেনক সহায় কৰিছে এক নেটৱৰ্কে ।

লগতে ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজয় কৰিলে ট্ৰাম্প উচ্চতম ন্যায়ালয়লৈ যোৱাৰ হুংকাৰ দিছিল । কিন্তু পেনচিলভেনিয়াত অভূতপূৰ্ব সফলতাই জ’ বাইডেনক আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰালে ৷ সম্প্ৰতি ৭৮ বছৰীয়া জ’ বাইডেন আমেৰিকাৰ সকলোতকৈ জ্যেষ্ঠ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ৷

Exit mobile version