প্ৰাক্তন স্বামী আৰবাজ খানৰ স’তে মালাইকাই জন্মদিনৰ শুভেচ্ছা জনালে পুত্ৰ আৰহানক

WhatsApp Image 2020 11 09 at 4.57.05 PM

প্ৰত্যেক বছৰৰ দৰে এইবাৰো বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী মালাইকা আৰোৰাই নিজ পুত্ৰ আৰহান খানৰ ১৮ বছৰীয়া জন্মদিনত বিশেষ পোষ্ট শ্বেয়াৰ কৰে । সোমবাৰে, মালাইকাই ইনষ্টাগ্ৰাম পোষ্টত এটা ভাললগা ভিডিঅ’ শ্বেয়াৰ কৰি দিনটোৰ আৰম্ভণি কৰে ।

মাতৃ আৰু পুত্ৰৰ বহু স্মৃতিৰ লগতে ভিডিঅ’টোত আৰহানৰ সৰুকালৰ ফটো আৰু বৰ্তমানৰ কিছু ফটো দেখা পোৱা গৈছে । তাৰ ভিতৰত এখনত আৰহানৰ পিতৃ তথা বলিউডৰ প্ৰযোজক অভিনেতা আৰবাজ খানকো দেখা পোৱা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি মালাইকাই লিখে, “আমাৰ ল’ৰাই ১৮ বছৰত ভৰি দিলে ।

১৯ বছৰীয়া বৈবাহিক জীৱনত একেলগে থকাৰ পাছত ২০১৭ ত মালাইকা আৰোৰা আৰু আৰবাজ খানে বিচ্ছেদ কৰিছিল । প্ৰযোজক অভিনেতা জনে সম্প্ৰতি মডেল জৰ্জিয়া এন্দ্ৰিয়ানীৰ স’তে সম্পৰ্কত আছে আৰু মালাইকা আৰোৰা বহু চৰ্চিত অৰ্জুন কাপুৰৰ স’তে সম্পৰ্কত আছে ।

মালাইকা আৰোৰা chaiya chaiya, Munni Badnaam Hui, Anarkali Disco Chali আৰু Hello Hello কে ধৰি বহুকেইটা গানত নৃত্য পৰিৱেশনৰ বাবে বেছি পৰিচিত। বৰ্তমান টেলিভিছনৰ ৰিয়েলিটি শ্ব’ ‘ইণ্ডিয়াছ বেষ্ট ডান্সাৰ’ৰ বিচাৰক হিচাপে দেখিবলৈ পোৱা গৈছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীক।

Exit mobile version