প্ৰসংগঃ বিহাৰ বিধানসভা নিৰ্বাচন

WhatsApp Image 2020 11 10 at 3.15.28 PM

বিহাৰ বিধানসভাৰ ভোট গণনাৰ মাজতে আজি নিৰ্বাচন আয়োগে মন্তব্য কৰে যে ভোট গণনাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব ৷এই মন্তব্য বিহাৰৰ নিৰ্বাচনী আয়ুক্ত এইচ আৰ শ্ৰী নিবাসে।

ANI ৰ অনুসৰি চলিত বৰ্ষত প্ৰায় ৪.৫ কোটি ভোটদান সম্পন্ন হৈছে । আৰু ৯২লাখ ভোটৰ গণনা কৰা হৈছে। পূৰ্বতে ২৫-২৬ ৰাউণ্ডত ভোটিং হৈছিল যদিও এইবাৰ ৩৫ ৰাউণ্ডলৈকে ভোটগণনা হোৱাৰ সম্ভাৱনা আছে।

নিৰ্বাচন আয়োগে লগতে কয় যে ভোটগণনা ১৯ ৰ পৰা ৫১ ৰাউণ্ডলৈকে হ’ব পাৰে। এইয়া ভোটগণনাৰ ওপৰত নিৰ্ভৰ কৰিব ৷আয়োগৰ মতে একাংশ বিধানসভাত ভোটগণনা ১৯ ৰাউণ্ডতে শেষ হ’ব যদিও একাংশত ৫১ ৰাউণ্ডলৈকে ভোটগণনা হ’ব ৷

আয়োগে পুনৰবাৰ EVM ৰ সুৰক্ষাৰ সন্দৰ্ভতো মন্তব্য কৰি কয় যে EVM সম্পূৰ্ণৰূপে সুৰক্ষিত ৷EVM ৰ লগত কোনেও বিসংগতি কৰিব নোৱাৰে।

Exit mobile version