বঙাইগাঁও জিলাৰ অভয়াপুৰীত এজন আৰক্ষী বিষয়াৰ মহানুভৱতা

IMG 20201110 WA0020

বঙাইগাঁও জিলাৰ অভয়াপুৰীত ব্যতিক্ৰমী ৰূপত দেখা গ’ল এজন আৰক্ষী বিষয়াক ৷ আৰক্ষী বিষয়াজন উত্তৰ শালমাৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া হেমেন দাস ৷ শীতৰ দিনত আৰ্তজনৰ কাষত কম্বল বিতৰণ কৰে আৰক্ষী বিষয়া হেমেন দাসে ৷

মানৱসেৱা কৰি ৰাইজৰ আশীৰ্বাদ লভিবলৈ সক্ষম হ’ল উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়াজনে ৷ উত্তৰ শালমাৰা মহকুমাৰ বিভিন্ন অঞ্চলত আৰক্ষী বিষয়াজনে পৰিভ্ৰমণ কৰি দুখীয়া লোকৰ মাজত কম্বল বিতৰণ কৰে ৷

হেমেন দাসৰ এই কৰ্মত সহযোগিতা আগবঢ়ায় সদৌ অসম ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক অঞ্জন কলিতাই ৷ আৰক্ষী বিষয়াজনৰ এই মানৱ দৰদী কাৰ্যই সচেতন মহলৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

Exit mobile version