সমাগত দিপাৱলীঃ দিপাৱলীত আতচবাজী জ্বলোৱাৰ ক্ষেত্ৰত অসম চৰকাৰৰ বিশেষ নিৰ্দেশনা

WhatsApp Image 2020 11 10 at 6.56.46 PM

ৰাজ্যত অতিমাৰী কৰ’নাৰ সন্ত্ৰাস ৷ তাৰ মাজতে ক’ভিডৰ সংক্ৰমণৰ সময়ত প্ৰদূষণ সৃষ্টি নকৰাকৈ দেৱালী উদযাপন কৰিবলৈ অসম চৰকাৰে এখন নিৰ্দেশনা জাৰি কৰিছে।

লগতে সকলো গুৱাহাটীবাসীক সাৱধানেৰে দিপাৱলী উদযাপন কৰিবলৈ আহ্বান কৰিছে চৰকাৰে ৷

আনহাতে গুৱাহাটীৰ নুনমাটিস্থিত ৰিফাইনেৰী,সাতগাঁৱৰ তেল নিগমৰ পৰা ৫০০ মিটাৰলৈকে কোনো ধৰণৰ আতচবাজী জ্বলাব নোৱাৰিব।

গুৱাহাটীত ৩০ নৱেম্বৰ পৰ্যন্ত আতচবাজী বিক্ৰীত প্ৰতিবন্ধকতা আৰোপ কৰিছে প্ৰশাসনে।

অসম চৰকাৰে ৰাজ্যখনৰ নাগৰিকসকলক দিপাৱলীৰ দিনটোত উচ্চতম ন্যায়ালয়ে নিশা ৮ বজাৰ পৰা ১০ বজালৈ প্ৰদূষণ সৃষ্টি নকৰা কেৱল ফুলজাৰি ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছে।

উল্লেখযোগ্য যে অসমৰ পূৰ্বে দিল্লী, ৰাজস্থান, মহাৰাষ্ট্ৰ, উড়িশা আদি ৰাজ্যত দিপাৱলীৰ সময়ত ফটকা আৰু ফুলজাৰিৰ ব্যৱহাৰ আৰু বিক্ৰী নিষিদ্ধ কৰিছিল।

Exit mobile version