সুখবৰঃ কৰ’নাৰ মাজতে ষ্টেডিয়ামত বহি খেল উপভোগ কৰিব পাৰিব আপুনি

WhatsApp Image 2020 11 10 at 4.45.32 PM

কৰ’না অতিমাৰীৰ মাজতে ভাৰতৰ বিৰুদ্ধে ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন দিবা-নৈশ মেচত ২৭ হাজাৰ দৰ্শক ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব বুলি আজি ক্ৰিকেট অষ্ট্ৰেলিয়াই সদৰী কৰিছে।

ADVERTISEMENT

আনহাতে অষ্ট্ৰেলিয়াত ভাৰতীয় দলটোৱে তিনিখন এদিনীয়া, তিনিখন টি-২০ আৰু চাৰিখন টেষ্ট খেলিব।

এই ভ্ৰমণটো ২৭ নৱেম্বৰত ছিডনীত প্ৰথমখন এদিনীয়া মেচেৰে আৰম্ভ হ’ব। টেষ্ট শৃংখলাটোৰ আৰম্ভণি ১৭ ডিচেম্বৰৰ পৰা হ’ব। উল্লেখ্য যে ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে কেৱল এডিলেড টেষ্ট মেচখনহে খেলিব।

Exit mobile version