নিৰ্জন দ্বীপৰ গছত অসংখ্য ‘পুতলা’

Dolls 1

পানীৰ মাজত সেউজ বনে আৱৰি ৰখা এটা দ্বীপ দূৰৰ পৰা চালে সেউজ বৰণে চকু ভৰাই পেলায় । অথচ দ্বীপটোত উপস্থিত হোৱাৰ সময়ত সিহৰিত হৈ পৰিবলগীয়া হয় । কিয়নো দ্বীপটোৰ প্ৰতিডাল গছতে ছাঁ আৰু পোহৰৰ খেলৰ মাজত একাধিক শিশুক ওলমি থকা যেন দেখি । এই শিশুসকলৰ আকৌ কোনোবাটোৰ যদি মূৰ নাই, কোনোবাটোৰ হাত-ভৰি কটা অথবা সৰ্বশৰীৰটোৱে যেন ফালি লৈ গৈছে কোনোবাই । যিমান দূৰলৈ চকু যায় সিমান দূৰলৈ একেই দৃশ্য । ভালদৰে চালে বুজিব পাৰি দেখি থকা শিশুবিলাক কিন্তু জীৱন্ত নহয় পুতলাহে ।

সকলোবিলাক গছতে আছে এনে সৰু-ডাঙৰ নানান পুতলা । কিন্তু নিৰ্জন দ্বীপটোত ক’ৰ পৰা আহিল এইবিলাক পুতলা । কোনে গছত ওলমাই দিলে? ইয়াৰ বাবে উভতি যাব লাগিব কে’বা বছৰ পূৰ্বলৈ । মেক্মিকো চিটিৰ পৰা দক্ষীণত থকা এই দ্বীপটোৰ নাম ‘দ্য আইলেণ্ড অৱ ড’লছ’ । পৰিয়াল ত্যাগ কৰি মানুহ নথকা দ্বীপটোত এসময়ত বসবাস কৰিবলৈ আৰম্ভ কৰে ডন জুলিয়ান চান্তনা বৰেৰা নামৰ এজন লোকে । এই লোকজনৰ জীৱনৰ লগতে পুতলা দ্বীপটোৰ ৰহস্যও লুকাই আছে । যোৱাটো শতিকাৰ মাজভাগতে পত্নীসহ পৰিয়াল ত্যাগ কৰিছিল জুলিয়ানে ।

পৰিয়ালৰ লগতে জুলিয়ানে সমাজকো পৰিত্যাগ কৰিছিল দ্বীপটোলৈ যোৱাৰ পূৰ্বে । দ্বীপটোত বসবাস কৰিবলৈ লোৱাৰ কেইদিনমানৰ ভিতৰতে জুলিয়ানে শিশু কন্যা এটিৰ মৃতদেহ উদ্ধাৰ কৰিছিল । এটা নলাত আছিল মৃতদেহটো । জুলিয়ানে দাবী কৰা অনুসৰি কাষৰ কোনো দ্বীপৰ পৰা পানীত ভাহী আহিছিল মৃতদেহটো ।

আনহাতে মৃতদেহটো উদ্ধাৰ হোৱাৰ আৰু কেইদিনমান পাছত নলাটোত এটা পুতলা লাভ কৰা হৈছিল । ইয়াৰ পাছৰে পৰা জীৱন সলনি হৈ যায় জুলিয়ানৰ । সমগ্ৰ দিনটো ধৰি শিশু কন্যাৰ মাত-কথা শুনি থাকিবলৈ আৰম্ভ কৰে । ফলত ভীতিগ্ৰস্ত হৈ পৰা জুলিয়ানে শিশু কন্যাৰ আত্মাক শান্তি কৰিবলৈ এটি উপায় বিচাৰি উলিয়ালে । নলাৰ পৰা পুতলাটো তুলি আনি ওলমাই দিয়ে এডাল গছত । জুলিয়ানে ইয়াৰ পাছত নিজকে দ্বীপটোৰ ৰক্ষা কৰ্তা হিচাপে ভাৱিবলৈ লয় ।

পৰৱৰ্তী ৫০ বছৰ দ্বীপটোতে থকা জুলিয়ানে বিভিন্ন স্থানৰ পৰা পৰিত্যক্ত পুতলা সংগ্ৰহ কৰি আনি গছবিলাকত ওলমাই যাবলৈ আৰম্ভ কৰে । এটা সময়ত প্ৰতিডাল গছেই পুতলাৰে ভৰি পৰে । ২০০১ত জুলিয়ানৰ মৃত্যু হয় ৰহস্যজনক পৰিস্থিতিত । শিশু কন্যাৰ মৃতদেহটো উদ্ধাৰ হোৱা স্থানতে জুলিয়ানৰ মৃতদেহ নলাৰ পানীত ভাহি আছিল ।

অৱশ্যে ইয়াৰ পাছতো দ্বীপটোৰ কোনো ৰহস্যৰ উত্তৰ পোৱা নগ’ল । জুলিয়ানৰ পত্নীয়ে পাছত সদৰী কৰা অনুসৰি মানসিকভাৱে কিছু অসুস্থ আছিল তেওঁৰ স্বামী । এনে কাৰণতে ঘৰ এৰি গৈছিল । জুলিয়ানৰ লগতেই বন্ধ হৈ গ’ল ৰহস্যৰ দুৱাৰ । দ্বীপটোলৈ বৰ্তমান পৰ্যটকৰ আগমন হয় । এটা সংগ্ৰহালয়ো আছে দ্বীপটোত ।

সংগ্ৰহালয়টোত দ্বীপটো সংক্ৰান্ত বহু তথ্য ৰখা হৈছে । জুলিয়ানে লাভ কৰা প্ৰথমটো পুতলাও আছে সংগ্ৰহালয়টোত । পৰ্যটকসকলে জুলিয়ানলৈ সন্মান জনাই দ্বীপটোৰ গছত পুতলা ওলমাই দি যায় । দ্বীপটোকলৈ প্ৰস্তুত কৰা এখন তথ্যচিত্ৰ আমেৰিকান টেলিভিছন ট্ৰেভেল চেনেল ‘ঘোষ্ট এডভেঞ্চাৰ’ত সম্প্ৰচাৰ কৰা হৈছিল । এমাজন প্ৰাইমৰ ‘লোৰ’ ধাৰাবাহিকতো দ্বীপটোৰ ৰহস্য দেখুওৱা হৈছে ।

Exit mobile version