প্ৰসংগঃ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ

79073590

আজি উচ্চতম ন্যায়ালয়ে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিন আবেদনৰ শুনানি লয়। শুনানি লোৱাৰ সময়ত আদালতে কয় যে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এক শক্তিশালী বাৰ্তা দিয়াৰ আৱশ্যকতা আছে ৷ শুনানিৰ সময়ত ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰক কটাক্ষ কৰি কয় যে এখন ৰাজ্য চৰকাৰে কোনো নাগৰিকক লক্ষ্য কৰি লোৱাটো দুখঃজনক লগতে এনেধৰণৰ ঘটনাই ন্যায়ক অৱমাননা কৰে ৷

শুনানিৰ সময়ত ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে আমি সাংবিধানিক ন্যায়ালয়ৰ ৰূপত ব্যক্তি স্বাধীনতা নকৰিলে কোনো কৰিব?যদি ৰাজ্য চৰকাৰে জানি বুজি কোনো নাগৰিকক লক্ষ্য কৰি লয় তেন্তে চৰকাৰে পাহৰিব নালাগে যে নাগৰিকৰ স্বাধীনতা ৰক্ষা কৰিবৰ কাৰণে শীৰ্ষ আদালত এতিয়াও আছে।

আনহাতে আদালতে মহাৰাষ্ট্ৰ চৰকাৰক প্ৰশ্ন কৰে যে অৰ্ণৱ গোস্বামীক এনেদৰে জিম্মাত লৈ সোধপোছ কৰাটো প্ৰয়োজনীয় নেকি? ন্যায়াধীশ চন্দ্ৰচূড়ে মহাৰাষ্ট্ৰ পুলিচক প্ৰশ্ন কৰে যে “যদি অৰ্ণৱ গোস্বামীৰ সন্দৰ্ভত ধনৰ লেনদেন বা কোনোৱে ইয়াৰ কাৰণে আত্মহত্যা কৰে,তেন্তে এইটো বিষয়টো অপহৰণ কৰাৰ বিষয় হৈ পৰিব নেকি?বা যদি গোচৰ দিয়া আবেদন দীঘলীয়া হৈ গৈ থাকে,তেন্তে কি অৰ্ণৱে জামিন নাপাব ?

ইপিনে,অৰ্ণৱ গোস্বামীৰ অধিবক্তা হৰিশ ছাল্বেই এই সমগ্ৰ বিষয়টো CBI ৰ দ্বাৰা তদন্ত হোৱাটো বিছাৰিছে ।তেওঁ কয়”ৰাজ্যৰ শক্তিসমূহৰ অপব্যৱহাৰ হৈছে ।”

উল্লেখযোগ্য যে অৰ্ণৱ গোস্বামীক ইন্টেৰিয়ৰ ডিজাইনাৰ আনভয় নাইক আৰু তেওঁৰ মাতৃক আত্মহত্যা কৰিবলৈ প্ৰৰোচনা কৰাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ অৰ্ণৱক ৰায়গড়ৰ আলীবাগৰ এখন আদালতত উপস্থিত কৰোৱাৰ পাছত আদালতে অৰ্ণৱক ১৪ দিনৰ ন্যায়িক জিম্মাত পঠায়। ইপিনে অৰ্ণৱৰ জামিন আবেদনক বোম্বে উচ্চ ন্যায়ালয়ে নাকচ কৰিছে ।

Exit mobile version