ভাৰতত নিষিদ্ধ হৈছিল পাবজী। কিন্তু শেহতীয়াকৈ মাইক্ৰ’ছফটৰ সৈতে PUBG ৰ প্ৰস্তুতকৰ্তা কোম্পানীয়ে এক চুক্তিত আৱদ্ধ হৈছে। ব্যৱহাৰকাৰীৰ গোপনীয় তথ্যৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই চুক্তি কৰা হৈছে।আনহাতে বৰ্তমান কোনো মোবাইল ফোনতে PUBG গেম উপলব্ধ হোৱা নাই।
এই সন্দৰ্ভত PUBG কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি সম্প্ৰতি এই গেম উপলব্ধ নহ’ব।
সম্প্ৰতি চীনৰ Tencent, কোম্পানীয়ে পৰিচালনা কৰি থকা PUBG এপটো ভাৰত চৰকাৰে তথ্য-প্ৰযুক্তি আইনৰ অধীনত ২ ছেপ্তেম্বৰৰ পৰা নিষিদ্ধ কৰিছিল।
কিন্তু ইয়াৰ পিছতো বহু মোবাইল ফোনত এই এপটো সুন্দৰ ভাবে চলি আছিল।
কোম্পানীটোৱে প্ৰকাশ কৰা মতে শীঘ্ৰে চীনৰ Tencent কোম্পানীৰ সৈতে PUBGয়ে চুক্তি বাতিল কৰিব আৰু ভাৰত চৰকাৰৰ সৈতে নতুনকৈ চুক্তি কৰি ভাৰতত পুনৰ PUBG গেমৰ প্ৰচলন কৰিব বুলি প্ৰকাশ কৰিছে।