অসমৰ সংৰক্ষিত বনাঞ্চলত নাগালেণ্ড চৰকাৰৰ ভূমি ৰজহ বিভাগৰ ভূমি পট্টা

WhatsApp Image 2020 11 12 at 5.32.25 PM

অসম নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলং বন বিভাগৰ অন্তৰ্গত দলদলি সংৰক্ষিত বনাঞ্চলত বেআইনীভবে নাগালেণ্ড চৰকাৰৰ ভূমি ৰাজহ বিভাগে নগাসকলক ভূমি পট্টা প্ৰদান কৰি নাগালেণ্ড প্ৰশাসনে প্ৰত্যক্ষভাবে অসমৰ সংৰক্ষিত বনাঞ্চলৰ মাটি বেদখল কৰাৰ বাবে তৎপৰ হৈ পৰা দেখা গৈছে ৷ দলদলি সংৰক্ষিত বনাঞ্চলৰ এক বৃহৎ অঞ্চলত ইতিমধ্যে নাগালেণ্ডৰ বেদখলকাৰীয়ে জেচিবিৰে মাটি কাটি সমান কৰি সেয়া তেওঁলোকৰ বুলি দাবী কৰাৰ বিপৰীতে কাৰ্বি আংলং বনবিভাগে সেয়া অসমৰ অন্তভুৰ্ক্ত দলদলি সংৰক্ষিত বনাঞ্চলৰ মাটিহে বুলি স্পষ্টভাবে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে ৷

এই বেদখল কাৰ্য চলি থকাৰ মাজতে বুধবাৰে কাৰ্বি আংলং বনবিভাগৰ সহকাৰী বন সংৰক্ষক বিষয়া প্ৰহ্লাদ ক্ৰ’ৰ নেতৃত্বত বনবিভাগৰ এটা দল আৰু বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দল বেদখল কৰা স্থানত উপস্থিত হৈ নগা বেদখলকাৰীক সেয়া অসমৰ সংৰক্ষিত বনাঞ্চলৰ মাটি বুলি উল্লেখ কৰাত বেদখলকাৰীয়ে উক্ত ভূমিত নাগালেণ্ড চৰকাৰ ভূমি ৰাজহ বিভাগে প্ৰদান কৰা পট্টা প্ৰদৰ্শন কৰি সেয়া নাগালেণ্ডৰ ভূমি বুলিহে উল্লেখ কৰে ৷

বনবিভাগৰ লোকে বেদখলকাৰীক বনাঞ্চলখনৰ বিভিন্ন পুৰণি নথিপত্ৰ প্ৰদৰ্শন কৰে যদিও বেদখলকাৰীসকলে সেয়া মানি নল’লে ৷ ইপিনে সহকাৰী বন সংৰক্ষণ বিষয়া প্ৰহ্লাদ ক্ৰ’য়ে সংবাদ মাধ্যমৰ আগত কয় যে বনাঞ্চল খনৰ সীমা নিৰূপণ কৰা ১৯২৩ চনতে নিৰ্মাণ কৰা পকী খুঁটাতো বেদখলকাৰীয়ে ভাঙি দি উক্ত স্থানৰ পৰা বহু আঁতৰত থকা এটা নলাহে বনাঞ্চলখনৰ সীমা বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰে ৷

দুয়োপক্ষৰ মাজত হোৱা মতানৈক্যৰ ফলত নাগালেণ্ড আৰু অসমৰ আৰক্ষী প্ৰশাসন এক আলোচনাত মিলিত হয় আৰু অহা ২৫ আৰু ২৬ নবেম্বৰত দুয়োখন ৰাজ্যৰ মাজত উপায়ুক্ত পৰ্যায়ত বিষয়টোক লৈ আলোচনা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ৷ উল্লেখযোগ্য যে দলদলি সংৰক্ষিত বনাঞ্চলত ভূমি বেদখল বিষয়টো দীৰ্ঘদিন ধৰি স্পৰ্শকাতৰ বিষয় হৈ আহিছে ৷

আনকি বহু সময়ত বেদখল উচ্ছেদ কৰিবলৈ যাওঁতে গুলীয়াগুলীৰ ঘটনাও সংঘটিত হৈছে ৷ কিন্ত এইবাৰ নাগালেণ্ড চৰকাৰে ভূমি পট্টা প্ৰদান কৰি বিষয়টো অধিক জটিল কৰি তোলাৰ লগতে নাগালেণ্ড চৰকাৰৰ প্ৰৰোচনাতে যে অসমৰ ভূমি বেদখল কাৰ্য সংঘটিত হৈ আহিছে সেয়া নিশ্চিত হৈ পৰিছে ৷আনহাতে সীমান্তবাসী অসমৰ ৰাইজে ভূমিকেন্দ্ৰিক বিবাদৰ এক স্থায়ী সমাধান বিচাৰিছে ৷

Exit mobile version