অসম মেঘালয় সীমান্তৱৰ্তী লাম্পীৰ দ্ৰোণপাৰাত বিদ্যুৎ সংযোগৰ ব্যৱস্থা মেঘালয়ৰঃ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

IMG 20201112 165925

এইবাৰ অসম মেঘালয় সীমান্তৰ পৰা ২০ কিলোমিটাৰ আৰু বকো চহৰৰ পৰা মাত্ৰ ২৪ কিলোমিটাৰ নিলগৰ দ্ৰোণপাৰাত মেঘালয়ে বিনামূলীয়াকৈ বিদ্যুত সংযোগ আৰম্ভ কৰিছে ৷ মেঘালয়ৰ বিদ্যুৎ বিভাগে প্ৰধানমন্ত্ৰী সৌভাগ্য আঁচনিৰ অধীনত অসমৰ দ্ৰোণপাৰাত প্ৰতিটো পৰিয়ালক বিনামূলীয়া বিদ্যুৎ সংযোগ কৰাৰ বাবে যোজা চলায়।

উল্লেখযোগ্য যে ইতিমধ্যে অসমৰ দ্ৰোণপাৰাত বকো বিদ্যুৎ বিভাগে বিনামূলীয়া বিদ্যুৎ সংযোগ কৰিছে । ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত বুজ লোৱাৰ কাৰণে লাম্পীত উপস্থিত হয় কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া,অতিৰিক্ত উপায়ুক্ত পি ডি চাংমা, বিদ্যুৎ বিতৰণ নিগম লিমিটেডৰ কাৰ্যবাহী অভিযন্তা পি কে চুলেট,কে ৰাচৱাইও ৷

লগতে এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আলোচনাৰ পাছতহে সিদ্ধান্ত হ’ব বুলি জানিবলৈ দিয়ে। ইপিনে এই ঘটনা সন্দৰ্ভত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ জোঙাখুলী সমষ্টিৰ সাধাৰণ সদস্য অৰ্জুন চেত্ৰীয়ে ক্ষোভেৰে কয়” অসম চৰকাৰৰ লগতে আৰক্ষী প্ৰশাসনৰ কাণ্ড কাৰখানাত আমি লজ্জিত ।

পৰিয়ালৰ মুৰব্বীজনৰে ঘৰখনৰ প্ৰতি কাণসাৰ নাই। মুৰব্বীৰ দুৰ্বলতাৰ সুৱৰ্ণ সুযোগ গ্ৰহণ কৰিছে চুবুৰীয়া ৰাজ্যসমূহে ।উল্লেখযোগ্য যে ১৯৭২ত অসম মেঘালয় বিভাজন হোৱাৰ পৰাই মেঘালয়ৰ শেন চকু অসমৰ ভূমিৰ ওপৰত। ৰাজ্য চৰকাৰৰ চূড়ান্ত হেমাহীৰ বাবেই চুবুৰীয়া ৰাজ্যসমূহে অসমৰ ভূমি আগ্ৰাসন চলাই আছে।

Exit mobile version