বাংলাদেশত সম্প্ৰতি জোৰদাৰ ৰূপত উত্থাপিত হৈছে পুৰুষ নিৰ্যতন বিৰোধী আইনৰ দাবী । পত্নীৰ দ্বাৰা সঘনে নিৰ্যাতনৰ সন্মুখীন হোৱা পুৰুষসকলে এই বিশেষ আইনখনৰ দাবী কৰিছে । নিৰ্যাতিত নাৰীৰ সপক্ষে বহুবিলাক আইন যদিও এই ক্ষেত্ৰত বঞ্চিত হৈ আছে পুৰুষসকল । কোনোধৰণৰ আইনী ৰক্ষাকৱচ নথকাত নিৰ্যাতনৰ সন্মুখীন হোৱা স্বত্তেও সুবিচাৰ লাভ কৰাত ব্যৰ্থ হৈ আহিছে ভুক্তভোগী পুৰুষসকল । এই ক্ষেত্ৰত বাংলাদেশত এটা সংগঠনৰো স্থাপন কৰা হৈছে ।
‘বাংলাদেশত মেনছ ৰাইটছ ফাউণ্ডেছন’ নামৰ চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সামাজিক সংগঠনটোৱে এই দাবীৰ গুৰি ধৰিছে । বাংলাদেশত পুৰুষ নিৰ্যাতন বিৰোধী আইন প্ৰণয়ণৰ দাবীত অহা ১৯ নৱেম্বৰত আন্তৰ্জাতিক পুৰুষ দিৱস বিশেষভাৱে উদ্যাপন কৰিব সংগঠনটোৱে ।
নিৰ্যাতিত পুৰুষসকলক সহযোগিতাৰ লক্ষ্যৰে গঠন কৰা সংগঠনটোৰ তথ্য অনুসৰি দেশখনত দৈনিক কমেও পাঁচজনকৈ বিবাহিত পুৰুষে পত্নীৰ হাততে নিৰ্যাতনৰ বলি হয় । এই হিচাপৰ পৰা চালে দেশৰ বিবাহিত পুৰুষসকলৰ প্ৰায় ৮০ শতাংশই কোনো নহয় কোনো ধৰণে পত্নীৰ দ্বাৰা নিৰ্যাতিত হ’বলগীয়া হৈছে ।
এই পুৰুষসকলৰ ভিতৰত উচ্চ মধ্যবিত্ত প্ৰশাসনিক বিষয়াৰ লগতে নিম্ন মধ্যবিত্ত শ্ৰেণীৰো আছে । পুৰুষ সদস্যৰ ওপৰত নিৰ্যাতনৰ সন্দৰ্ভত সংগঠনটোৰ সাধাৰণ সম্পাদক ফাৰুক ছাজেদ কয়, ‘ভুক্তভোগীসকলৰ পৰা ফোন তথা ফেচবুকযোগে লাভ কৰা তথ্য অনুসৰি পৰিয়ালকেন্দ্ৰিক অশান্তিক কেন্দ্ৰ কৰি বিবাহিত পুৰুষসকলৰ ওপৰত শাৰীৰিক, মানসিকভাৱে অথবা আইনৰ ভয় দেখুৱাই নিয়মীয়াভাৱে নিৰ্যাতন চলাই যোৱা হৈছে ।
সামাজিক কাৰণত পুৰুষসকলে এইবিলাক বিষয় ৰাজহুৱা কৰিব নোৱাৰে।’ বাংলাদেশত পুৰুষক সুৰক্ষা প্ৰদান কৰা বিশেষ আইন প্ৰণয়ন কৰা হোৱা নাই । ফলত নিজৰ ঘৰতে নিৰ্যাতিত হোৱাৰ পাছতো মৌন হৈ থাকিবলৈ বাধ্য হৈ আহিছে পুৰুষসকল । ইয়াৰ বাহিৰেও সমাজত মহিলা নিৰ্যাতনৰ বিষয়টো যিমান সহানুভূতিৰ দৃষ্টিৰে চোৱা হয় তেনেদৰে কিন্তু পুৰুষসকলে সহানুভূতিও লাভ নকৰে । সেয়েহে এতিয়া নিৰ্যাতিত পুৰুষসকলৰ বাবে পৃথক আইন প্ৰণয়নৰ দাবী উত্থাপন হৈছে ।