প্ৰত্যেক দিনে ২২ কোটিকৈ দান আজিম প্ৰেমজিৰ

Azim Premji

বছৰৰ সবাতোকৈ উদাৰতম তথা মানৱ প্ৰেমী ব্যক্তিৰ স্বীকৃতি লাভ কৰিলে উইপ্ৰ’ৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন অধ্যক্ষ আজিম প্ৰেমজিয়ে । সমগ্ৰ বছৰটোত তেওঁ বিভিন্ন ক্ষেত্ৰলৈ দান কৰিছে সাত হেজাৰ ৯০৪ কোটি টকা। ইয়াৰ দ্বাৰাই তেওঁ পৰিণত হয় বছৰৰ সৰ্বাধিক ভাৰতীয় দাতাত । তথ্য অনুসৰি, ৭৫ বছৰীয়া মানৱপ্ৰেমীজনে দান কৰা ধন হৈছে প্ৰতি দিনৰ হিচাপত ২২ কোটি টকা ।

এডলগিভ হিউৰান ইণ্ডিয়া নামৰ সংস্থাটো প্ৰকাশ কৰা ২০২০ বৰ্ষৰ ভাৰতীয় মানৱপ্ৰেমীসকলৰ তালিকাৰ পৰা এই তথ্য উঠি আহিছে । এই তালিকাৰ পৰাই জনা গৈছে ক’ভিড মোকাবিলাৰ বাবে এহেজাৰ ১২৫ কোটি টকা দানৰ প্ৰতিশ্ৰুতি দিছিল আজিম প্ৰেমজি ফাউণ্ডেচন উইপ্ৰ’ আৰু উইপ্ৰ’ এণ্টাৰপ্ৰাইজেছে । ইয়াৰ লগতে আছে উইপ্ৰ’ৰ বাৰ্ষিক চিএছআৰ আৰু আজিম প্ৰেমজি ফাউণ্ডেচনৰ নিয়মত সমাজসেৱামূলক কাৰ্যৰ আৰ্থিক দানো।

‘ভাৰতীয় হৈতিষীসকলৰ বাবে আজিম প্ৰেমজি এক আদৰ্শ ব্যক্তিত্ব অন্যান্য ব্যৱসায়ীসকলক তেওঁ সমাজসেৱাৰ বাবে অনুপ্ৰাণিত কৰিছে ।’ এইদৰে কয় এডেলগিভৰ মহাপ্ৰৱন্ধক তথা মুখ্য গৱেষক আনাছ ৰহমান জুনাইডে । উইপ্ৰ’ৰ প্ৰতিষ্ঠাপকজনৰ পুত্ৰ ৰিছদ প্ৰেমজীয়ে এই সংবাদ টুইটত শ্বেয়াৰ কৰি লিখিছে, ‘মোৰ পিতৃয়ে সকলো সময়তে বিশ্বাস কৰে যে তেওঁ নিজৰ সম্পত্তিৰ তত্ত্বাবধায়ক মাত্ৰ, মালিক নহয় । যিখন সমাজত আমাৰ বাস আৰু কাম-কাজ, সেই সমাজ উইপ্ৰ’ৰে এক প্ৰধান অংশ । এই তালিকাৰ দ্বিতীয় স্থানত আছে এইছচিএল টেকন’লজিছ কোম্পানীৰ প্ৰতিষ্ঠাপক শিৱ নাদাৰ ।

উল্লেখ্য যে নাদাৰে বিগত বৰ্ষত সৰ্বাধিক ধনদাতাৰ সন্মান অৰ্জন কৰিছিল । এইবাৰ তেওঁ ৭৯৫ কোটি টকা দান দিছে । আনহাতে এছিয়াৰ সবাতোকৈ ধনী ব্যক্তি তথা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ অম্বানীয়ে ৪৫৮ কোটি টকা দান দি তালিকাত তৃতীয় স্থান লাভ কৰিছে । উল্লেখ্য যে অম্বানীয়ে এই ধন দান দিয়ে ক’ভিড মোকাবিলাৰ বাবে ।

এডেলগিভ হিউৰানৰ প্ৰতিবেদন অনুসৰি, তালিকাৰ চতুৰ্থ স্থানক কুমাৰ মংগলম বিৰলা (২৭৬ কোটি) আৰু পঞ্চম স্থানত আছে ‘বেদান্ত’ কোম্পানীৰ প্ৰতিষ্ঠাপক অনিল আগৰৱাল । তেওঁৰ পৰিয়ালে ২১৫ কোটি টকা দান কৰিছে । উল্লেখ্য যে ২০১৪ত আগৰৱালে কৈছিল যে উপাৰ্জনৰ ৭৫ শতাংশ তেওঁ সমাজসেৱাৰ হকে ধন দান কৰি আহিব । লক্ষ্যণীয়ভাৱে অধিকাংশ সমাজসেৱকেই দেশৰ শিক্ষাৰ উন্নতিৰ হকে ধন দান কৰি আহিছে । এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই ।

২০২০ত দেশৰ ৯০ হিতৈষীয়ে শিক্ষাৰ উন্নতিৰ বাবে মুঠ ন হেজাৰ ৩২৪ কোটি টকা দান কৰিছে । আনহাতে, স্বাস্থ্যখণ্ডলৈ আগবঢ়োৱা দানৰ পৰিমাণ এইবাৰ বিগত বৰ্ষৰ তুলনাত ১১১ শতাংশ বৃদ্ধি পাইছে । সেইদৰে দুৰ্যোগ সকাহ আৰু প্ৰশমন ক্ষেত্ৰত দানৰ পৰিমাণ ২৪০ শতাংশলৈ বৃদ্ধি পাইছে । ‘আমি অনুভৱ কৰো, শিক্ষাই হৈছে সমতা প্ৰদান আৰু মানুহক অধিক আহৰণ,জীৱন ধাৰণৰ মান আৰু অধিক সুস্বাস্থ্য প্ৰদানৰ উত্তম পথ । এইদৰে কয় সংস্থাটোৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিদ্যা শ্বাহে ।

উল্লেখ্য যে অধিক ধন দান দিয়া লোকৰ তালিকাত সাত গৰাকী মহিলা সমাজসেৱিকায়ো স্থান পাইছে । ইয়াৰ ভিতৰত অন্যতম হৈছে ৰোহিণী নিলেকানি (৪৭ কোটি), থাৰ্মেক্সৰ অনু আগা আৰু তেওঁৰ পৰিয়াল (৩৬ কোটি) আৰু বাইকনৰ কিৰণ মজুমদাৰ শ্ব’ (৩৪ কোটি) । ২৮ গৰাকী সমাজসেৱীৰ নাম এই তালিকাত প্ৰথমবাৰলৈ অন্তৰ্ভুক্ত হৈছে । এইসকলৰ ভিতৰত অন্যতম হৈছে ইনফ’ছিছৰ এছ ডি শিবুলাল (৩২ কোটি), এটিই চন্দ্ৰা ফাউণ্ডেচনৰ অমিত আৰু অৰ্চনা চন্দ্ৰা (২৭ কোটি), শ্যাম ষ্টীলৰ ৰাম বেৰিৱালা আৰু শ্যামসুন্দৰ বেৰিৱালা (১৯ কোটি) আদি । এই মানৱপ্ৰেমীসকলৰ তালিকাত স্থান পোৱা ৪০ বছৰ বয়সৰ অনুৰ্ধ্বৰ একমাত্ৰ মানৱপ্ৰেমীজন হৈছে বিন্নী বানছাল ।

এয়া এডেলহিভ হিউৰান ইণ্ডিয়া ফিলানথ্ৰ’পী তালিকাৰ বাবে ভাল খবৰ বুলি উল্লেখ কৰিছে সংস্থাটোৰ মহাপ্ৰৱন্ধক তথা মুখ্য গৱেষক জুনাইডে । ইয়াৰ দ্বাৰা দেশৰ যুৱ উদ্যোগপতিসকলে সমাজৰ হকে কাম কৰাৰ বাবে অনুপ্ৰাণিত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে । উল্লেখ্য যে শীৰ্ষ ১০ গৰাকী মানৱপ্ৰেমীৰ ভিতৰত স্থান পোৱা আন পাঁচ সমাজসেৱী হৈছে অজয় পিৰামল আৰু তেওঁৰ পৰিয়াল (১৯৬ কোটি), ইনফ’ছিছৰ নন্দন নিলেকানি (১৫৯ কোটি), হিন্দুজা ব্ৰাদাৰ্ছ (১৩৩ কোটি), গৌতম আদানি আৰু পৰিয়াল (৮৮ কোটি) আৰু বাজাজ কোম্পেনীৰ ৰাহুল বাজাজ আৰু পৰিয়াল (৭৪ কোটি)।

Exit mobile version