বলীউডৰ অভিনেতা আছিফ বছৰাৰ আত্মহত্যা

Asif Barsa

পুনৰ আন এজন অভিনেতাৰ আত্মহত্যাই কপাঁই গৈছে বলীউড ৷

বলীউডৰ অভিনেতা আছিফ বছৰাক হিমাচল প্ৰদেশৰ নিজ গৃহত মৃত অৱস্থাত পোৱা গৈছে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ ৷

আছিফ বছৰাক অনুৰাগ কাশ্যপৰ ছবি ব্লেক ফ্ৰাইডে,পৰজানিয়াত দেখা গৈছিল। এই ছবিসমূহত কৰা অভিনয়ৰ কাৰণে প্ৰশংসাৰ সন্মুখীন হৈছিল আছিফ।

আছিফ বছৰাই লমহে আৰু ওৱানচ আপন এ টাইম ইন মুম্বাই নামৰ ছবিত সুন্দৰ অভিনয়েৰে দৰ্শকৰ মন জয় কৰিছিল।

ইতিমধ্যে আছিফ বছৰাৰ আত্মহত্যাত আচম্বিত হৈ পৰিছে বলীউড। বলীউডৰ একাংশ অভিনেতা অভিনেত্ৰীয়ে আছিফ মৃত্যুৰ ন্যায় বিচাৰিছে।

Exit mobile version