মাংসৰ নাম শুনাৰ লগে লগে ক’মাৰ পৰা সুস্থ হ’ল যুৱক

WhatsApp Image 2020 11 12 at 1.44.58 PM

আমি সকলোৱে খাই ভাল পাওঁ। সেয়া মাছ,মাংস ,বিৰিয়ানী,মিঠাই আদি বিভিন্ন ধৰণৰ খাদ্য হ’ব পাৰে। কিন্তু কেৱল খাই ভাল পোৱা মাংসৰ কাৰণে প্ৰায় ২ মাহ ধৰি ক’মাত থকা টাইৱানৰ এজন যুৱক সম্পূৰ্ণ সুস্থ হৈ উঠিছে।

যুৱকজনৰ নাম Chiu ৷ কিছুদিন পূৰ্বে এক দুৰ্ঘটনাত অতি শোচনীয়ভাৱে আঘাতপ্ৰাপ্ত হৈছিল চিউ ।ইয়াৰ পাছত ক’মাত গুচি যোৱা চিউ আছিল চিকিৎসকৰ তত্বাৱধানত। চিকিৎসকে বহু চেষ্টা কৰিও সুস্থ কৰিব পৰা নাছিল চিউক ।

কিন্তু বুধবাৰে চিউৰ ভাতৃয়ে ” চিউ মই তোমাৰ Chicken Fillet” খালো বুলি কোৱাৰ লগে লগে হঠাতে চিকিৎসালয়ৰ বিচনাত চকু মেল খালে বিগত দিনত চিকিৎসাধীন হৈ থকা চিউৰ।ইপিনে বিগত দুমাহ চিকিৎসালয়ত চিউ সুস্থ হোৱাৰ লগে লগে আনন্দিত হৈছে পৰিয়ালৰ লোকসকল ।

সম্প্ৰতি চিউ সুস্থ । চিকিৎসকে ঘৰলৈ যাবলৈ অনুমতি দিছে চিউক ৷ আনহাতে খাই ভাল পোৱা খাদ্যৰ কাৰণে হঠাতে ক’মাৰ পৰা সুস্থ হোৱা চিউক লৈ চিকিৎসক আচৰিত হোৱাৰ লগে আনন্দিতও হৈছে ৷

Exit mobile version