সংযুক্ত শৰীৰৰ দুটি শিশুক পৃথক কৰিলে লক্ষ্ণৌৰ চিকিৎসকে

WhatsApp Image 2020 11 12 at 2.40.55 PM

নঘণ্টাজোৰা এক জটিল অস্ত্ৰোপচাৰৰ দ্বাৰা শাৰীৰিকভাৱে সংযুক্ত হৈ থকা দুটি শিশুক পৃথক কৰা হৈছে । লক্ষ্ণৌৰ চিকিৎসকে জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰে । স্থানীয় কিং জৰ্জ চিকিৎসা বিদ্যালয়ত সম্পন্ন এই অস্ত্ৰোপচাৰৰ অন্তত সম্প্ৰতি দুয়োটি শিশু সুস্থ হৈ আছে । কাৰ্যত দুটি শিশু হ’লেও দুয়োৰে শৰীৰ সংযুক্ত হৈ আছিল । দুয়োৰে যকৃত দুটাও সংযুক্ত হৈ আছিল ।

ইয়াৰ বাহিৰেও হৃদযন্ত্ৰৰ বাহিৰৰ অংশ যাক ‘এপিকাৰ্ডিয়াম’ বুলি কোৱা হয় সেই অংশও সংযুক্ত হৈ আছিল । তদুপৰি বুকু তথা খাদ্য নলীৰ এটি অংশও পোনপটীয়াভাৱে দুয়োৰে সংলগ্ন হৈ আছিল । সম্প্ৰতি দুয়োটা শিশুকে চিকিৎসকে পৰ্যৱেক্ষণ কৰি আছে । কিন্তু এতিয়াও দুয়োটা শিশুৰ প্ৰকৃত পৰীক্ষা হ’বলৈ বাকী আছে বুলি জনাইছে চিকিৎসকে ।

অস্ত্ৰোপচাৰৰে জড়িত এজন চিকিৎসকে জনোৱা অনুসৰি দুয়োটা শিশুৱে খাদ্য গ্ৰহণ তথা হজম কৰিব পাৰি সেই অস্ত্ৰোপচাৰ সম্পূৰ্ণ সফল বুলি গণ্য কৰা হব । যোৱা বছৰৰ নৱেম্বৰত উত্তৰ প্ৰদেশৰ কুশী নগৰত জন্ম হৈছিল যমজ শিশুৰ । কেইমাহমান পূৰ্বে শিশু দুটিক এক স্বেচ্ছাসেৱী সংস্থাৰ সহায়ত চিকিৎসাৰ বাবে লক্ষ্ণৌলৈ অনা হৈছিল ।

প্ৰথমে শিশু দুটিক শল্য চিকিৎসা বিভাগৰ চিকিৎসকে পৰীক্ষা কৰে । সেই সময়তে চিকিৎসকে পোনপটীয়াভাৱে জনাই দিছিল এনে ধৰণৰ জটিল অস্ত্ৰোপচাৰৰ বাবে শিশু দুটিৰ কমেও এবছৰ বয়স হোৱাটো প্ৰয়োজন । সেয়েহে বৰ্তমানলৈ অপেক্ষা কৰাৰ প্ৰয়োজন হৈ পৰে । শল্য চিকিৎসক এছ এন কুৰিলৰ নেতৃত্বত এই জটিল অস্ত্ৰোপচাৰ সম্পন্ন হয় ।

সহায়ক হিচাপে থাকে অন্যান্য ছুপাৰ স্পেচিয়েলিটি বিভাগৰ চিকিৎসকসকল । বিভিন্ন বিভাগৰ চিকিৎসকসকল । বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকে পৃথক পৃথকভাৱে অস্ত্ৰোপচাৰৰ সময়ত সহায় আগবঢ়ায় । সাধাৰণতে এনেধৰণৰ যমজৰ অস্ত্ৰোপচাৰ অত্যন্ত বিপদসংকুল হয় ।

এনে বহু সন্তানৰ জন্মৰ সময়তে মৃত্যু হয় । বহু সময়ত আকৌ শৰীৰ পৃথক কৰাৰ সময়ত এটিৰ মৃত্যু হয় । সেয়েহে এনে অস্ত্ৰোপচাৰক অতি জটিল গণ্য কৰা হয় । এনে দিশৰে লক্ষ্ণৌৰ কিং জৰ্জ চিকিৎসা বিশ্ববিদ্যালয়ত সম্পন্ন এই অস্ত্ৰোপচাৰে পৃথক নিদৰ্শন সাব্যস্ত কৰিবলৈ সক্ষম হোৱাৰ দাবী কৰা হয় ।

Exit mobile version