হাতীখলিত” হাতীবন্ধু “ৱে কৰা ধাননীত জাক জাক বনৰীয়া হাতীঃ স্বস্তিৰ নিশ্বাস কৃষকৰ

IMG 20201112 WA0026

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই অহা হাতী মানুহৰ সংঘাতৰ সময়তে নগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন হাতী বন্ধুৱে লৈছে বিশেষ পদক্ষেপ ৷ হাতী আৰু মানুহৰ সংঘাত নিৰাময়ৰ বাবে নগাঁও কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী ৰাইজৰ সহযোগত স্বেচ্ছাসেৱী সংগঠন “হাতী বন্ধু” য়ে গ্ৰহণ কৰা এই পদক্ষেপে সফলতা লাভ কৰিছে ।

অৱশেষত নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী হাতখলি ৰংহাঙ গাঁৱত হাতীৰ বাবে কৰা ধান খেতিত জাক জাক বন্যহস্তী সোমোৱাৰ দৃশ্য দেখি উৎফুল্লিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাৰ লগতে মেঘা ময়ূৰ হাজৰিকা আৰু স্থানীয় কৃষক।

উল্লেখযোগ্য যে গুৱাহাটীৰ প্ৰদীপ ভূঞাৰ তৎপৰতাৰ হাতী বন্ধু নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা,মেঘ্না ময়ূৰ হাজৰিকা আৰু স্থানীয় ৰাইজৰ সহযোগত বন্যহস্তীৰ বাবে ২০০ বিঘা মাটিত ধান খেতি আৰু ৪০০ বিঘা মাটিত অন্যান্য খেতি কৰিছিল। যি খেতিত বিচৰণ কৰি এতিয়া আনন্দ মনেৰে আহাৰ গ্ৰহণ কৰিছে বন্যহস্তীৰ জাকে। আনহাতে ভৈয়ামৰ পথাৰলৈ পূৰ্বৰ দৰে এইবাৰ কোনো বন্যহস্তী নামি নহাৰ কাৰণে কৃষকৰ মুখত হাঁহি বিৰিঙিছে।

Exit mobile version