২০২১ত ভাৰতত অনুষ্ঠিত হ’ব টি ২০ বিশ্বকাপঃসৌৰভ গাংগুলী

77915685

অনাগত বৰ্ষত টি 20 বিশ্বকাপ অনুষ্ঠিত হ’ব ভাৰতত ৷এই কথা প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে ৷

আনহাতে বিশ্বকাপ টি ২০ ৰ আয়োজনৰ দায়িত্ব লাভ কৰি আনন্দিত সৌৰভ গাংগুলী। সম্প্ৰতি ২০২১ত টি ২০ বিশ্বকাপ আয়োজনৰ কাৰণে আগবাঢ়িছে ভাৰত।

এই সন্দৰ্ভত সৌৰভ গাংগুলীৰ মন্তব্য “টি ২০ বিশ্বকাপ আয়োজনৰ দায়িত্ব লাভ কৰাটো আনন্দৰ বিষয়। ভাৰত বহু বৃহৎ টুৰ্ণামেণ্টৰ আয়োজন কৰিছে। সম্প্ৰতি সকলো ক্ৰিকেট প্ৰেমীয়ে টি ২০ বিশ্বকাপলৈ আশাৰে বাট চাই আছে। “

ভাৰতীয় সংস্কৃতিৰ লগত সামঞ্জস্য ৰাখি অনাগত বিশ্বকাপৰ ব্ৰেণ্ড নিৰ্মাণ কৰা হৈছে। উল্লেখ্য যে অনাগত দীপাৱলীৰ কাৰণে দেশবাসীক শুভবাৰ্তা দিয়ে সৌৰভ গাংগুলীয়ে।

Exit mobile version