চিৰাঙত হাতীৰ দাঁত সহ তিনিজনক গ্ৰেপ্তাৰ

WhatsApp Image 2020 11 13 at 3.55.48 PM

চিৰাঙত বৃহস্পতি বাৰে নিশা ভাৰত-ভূটান সীমান্তৰ আমগুৰীৰ নাঙলভাঙাত বন বিভাগ, ১৫ নং বেটেলিয়ন এচএচবি আৰু ৱাইল্ড লাইফ ক্ৰাইম কনট্ৰোল ব্যুৰো এচ আৰ অ’ গুৱাহাটীৰ যৌথ অভিযানত চাৰিটা হাতী দাঁত(১৭.৮৫ কেজি)ৰ স’তে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইয়াৰে দুজনে অভিযানকাৰী দলটোক আক্ৰমন কৰাত সামান‍্য আহত হয় আৰু দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

গ্ৰেপ্তাৰ তিনিওজন জিলাখনৰ আমগুৰী থানাৰ অন্তৰ্গত মালিভিটাৰ ক্ৰমে নৱেশ্বৰ বসুমতাৰী(৩৫), সমেশ্বৰ বসুমতাৰী(ৰবি)(২৮) আৰু মৰ্য্যু বসুমতাৰী (৩৪) বুলি জানিবলৈ দিয়ে বন বিভাগে । অভিযানত তেওঁলোকৰ পৰা তিনিখন মটৰ চাইকেলো জব্দ কৰিবলৈ সক্ষম । ইয়াৰ বিপৰীতে দলটোৰ আন তিনিজন লোক পলায়ন কৰে । এই সন্দৰ্ভত চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে জনায় যে, বিশেষ সূত্ৰে তেওঁলোকে দলটোৰ হাতত দহটা হাতীৰ দাঁত থকা বুলি গম পোৱা গৈছিল ।

উল্লেখ‍্য যে, আন্তৰ্জাতিক চক্ৰ এটাই চিৰাঙৰ কিছু দুষ্ট লোকৰ স’তে মিলি হাতীৰ দাঁত আৰু বাঘৰ ছালৰ ব‍্যৱসায় অব‍্যাহত ৰাখিছে । ইতিমধ‍্যে কিছুদিন পূৰ্বে হাতীৰ দাঁতৰ স’তে কে’বাজনো লোকক চিৰাং বন আৰু আৰক্ষী বিভাগে আটক কৰিবলৈ সক্ষম হৈছে যদিও জিলাখনত এতিয়াও চক্ৰটোৰ আন সকল সদস‍্যই সক্ৰিয়ভাৱে কাম কৰি আছে ।

Exit mobile version