পাবজিৰ অনুৰাগীসকলৰ বাবে সুখবৰ :

PUBG Mobile India 1

পুনৰ উপলব্ধ হ’ব পাবজি গেম । কিছু সালসলনিৰ স’তে নতুন ৰূপত মুকলি কৰা হ’ব পাবজি গেম । এই সন্দৰ্ভত পাবজি মবাইলৰ ডেভলপাৰে ঘোষণা কৰা অনুসৰি ভাৰতীয় প্লেয়াৰ্ছৰ বাবে পাবজি ম’বাইল ইণ্ডিয়া নামৰ এটা নতুন গেম উপলব্ধ কৰিব ।

ADVERTISEMENT

উল্লেখ্য যে, পাবজি ম’বাইলক ভাৰত চৰকাৰৰ দ্বাৰা ডিচেম্বৰত নিষিদ্ধ কৰা হৈছিল। ইয়াৰ পিছতে পাবজি কৰ্পৰেছনে ঘোষণা কৰে যে, কোম্পানীয়ে পাবজি ম’বাইল ইণ্ডিয়া নামৰ এক নতুন গেম মুকলি কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে ।

ভাৰতীয় প্লেয়াৰ্ছৰ ব্যক্তিগত ডেটা সুৰক্ষিত থাকিব বুলিও জনায় কোম্পানীয়ে। ইয়াৰ উপৰিও পাবজি কৰ্পৰেছনে এক স্থানীয় কাৰ্যালয় স্থাপন কৰাৰ কথা চিন্তা কৰিছে । য’ত প্লেয়াৰ্ছৰ সেৱা আৰু সুবিধাৰ বাবে ১০০ তকৈ অধিক কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰিব ।

Exit mobile version