দেশৰ বীৰ জোৱানসকলৰ লগত দেৱালী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰ

b654cc4d d472 495e 995f 37e769c944bd

বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱলী উদযাপন কৰিছে ভাৰতীয় বীৰ জোৱানসকলৰ মাজত।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজস্থানৰ জয়ছালমাৰত ভাৰতীয় জোৱানসকলক মিঠাই বিতৰণ কৰি দেৱালী উদযাপন কৰে ৷

মোদীয়ে সমগ্ৰ দেশবাসীক ছহিদসকলৰ নামত এগছি বন্তি জ্বলাবলৈ আহ্বান কৰে। দেশ সুৰক্ষাৰ নামত সীমান্তত থকা জোৱানসকলক কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

লগতে প্ৰাণ আহুতি দিয়া ছহীদলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

বীৰ জোৱানসকলৰ মাজত উপস্থিত থাকি পাকিস্তানক হুংকাৰ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ মোদীয়ে কয়” পাকিস্তানৰ কাপুৰুষালি সহ্য কৰা নহ’ব। “

উল্লেখ্য যে দেশৰ বীৰ জোৱৰনসকলৰ মাজত এনেধৰণে দেৱালী উদযাপন কৰাটো প্ৰথম নহয় ৷২০১৪ ৰ পৰা মোদীয়ে বীৰ জোৱানসকলৰ মাজত দেৱালী উদযাপন কৰি আহিছে ৷

Exit mobile version