শিলচৰত শোকাৱহ পথ দুৰ্ঘটনা

8156d3c5 b0f8 4ab3 9c7a 75183cde290f

 

এক পথ দুৰ্ঘটনাৰ সন্মুখীন হৈ অকালতে প্ৰাণ হেৰুৱাব লগা হ’ল অসম বিশ্ব বিদ্যালয়ৰ মাছ কমিউনিকেশ্যনছৰ ছাত্ৰী সমৃদ্ধি পুৰকায়স্থই ।সমৃদ্ধিৰ বয়স ২৪ বছৰ ।

শুক্ৰবাৰে বিয়লি শিলচৰৰ লিও ক্লাবৰ এটা অনুষ্ঠানত ভাগ লৈ ঘৰলৈ আহিবলৈ সহযোগীৰ এখন দুচকীয়া বাহনত উঠে সমৃদ্ধি। ইয়াৰ পাছত বাহনখনত সমৃদ্ধিৰ শাড়ীৰ আচলটো লাগি যোৱাত বাইকৰ পৰা সৰি পৰে সমৃদ্ধি।

মূৰত অলপ বেছিকৈ আঘাত পোৱা সমৃদ্ধিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷মেধাবী ছাত্ৰীগৰাকীক মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ইপিনে আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version