জনজাতিকৰণঃ প্ৰতিবেদনৰ অপেক্ষা

Amit Shah 1

বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগত চৰকাৰৰ ভূমিকালৈ তীক্ষ্ণ দৃষ্টি দিছে সংশ্লিষ্ট দল-সংগঠনসমূহে । গৃহমন্ত্ৰী অমিত শ্বাহে জনজাতিকৰণৰ সন্দৰ্ভত অসম চৰকাৰক এমাহৰ ভিতৰত কেন্দ্ৰক প্ৰতিবেদন দাখিল কৰিবলৈ যোৱা ২০ ছেপ্তেম্বৰত নিৰ্দেশ দিছিল । তাৰ ভিত্তিত যোৱা আঠ আৰু ন অক্টোবৰত অসম চৰকাৰৰ চাৰিজনীয়া মন্ত্ৰীগোটে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বিষয়টোৰ লগত সম্পৰ্কিত কে’বাটাও সংগঠনৰ লগত মাৰাথন বৈঠকত মিলিত হয় কেন্দ্ৰৰ নিৰ্দেশৰ আধাৰত সংগঠনবোৰক মন্ত্ৰীগোটে যোৱা ৩১ অক্টোবৰৰ ভিতৰত কেন্দ্ৰক প্ৰতিবেদন দাখিল কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল; কিন্তু সময়সীমা উকলি যোৱা দুসপ্তাহ পাছতো এই প্ৰতিবেদন দাখিল নহ’ল ।

উল্লেখ্য যে ৰাজ্যৰ মৰাণ, মটক, তাই আহোম, চুতীয়া, আদিবাসী আৰু কোচ ৰাজবংশীসকলে দশক দশক ধৰি উত্থাপন কৰি অহা জনজাতিকৰণৰ দাবীটোৱে প্ৰতিটো নিৰ্বাচনৰ আগমুহূৰ্তত তথাকথিত গুৰুত্ব লাভ কৰে । যি দলৰে চৰকাৰ নহ’ওক কিয় সেই গুৰুত্ব উক্ত সময়ছোৱাত তুংগত উঠে; কিন্তু এই প্ৰতিশ্ৰুতি আজি পৰ্যন্ত পূৰণ হোৱা নাই । সেয়েহে এইবাৰো ৰাজ্যৰ বিধানসভা নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে বিষয়টোৱে পুনৰ গা কৰি উঠিছে । আনকি কেন্দ্ৰীয় চৰকাৰৰ মাজিয়াতো বিষয়টো উত্থাপন হৈছে ।

যোৱা ২০ ছেপ্তেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অন্যান্য বিষয়তকৈও জনজাতিকৰণৰ বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ লগত দিল্লিত আলোচনাত মিলিত হয় । সেই বৈঠকত এমাহৰ ভিতৰত চৰকাৰক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়ে শ্বাহে । গৃহমন্ত্ৰীৰ পৰামৰ্শ মৰ্মে হিমন্ত বিশ্বশৰ্মাৰ নেতৃত্বত তথা ফণীভূষণ চৌধুৰী, চন্দন ব্ৰহ্ম আৰু অতুল বৰাৰে ইতিপূৰ্বে গঠিত চাৰিজনীয়া মন্ত্ৰীগোটে জনজাতিকৰণৰ দাবী উত্থাপন কৰি অহা জনজাতি বুলি স্বকৃত জনগোষ্ঠীবোৰৰ বিভিন্ন দল-সংগঠনৰ লগতে বৈঠকত মিলিত হয় ।

বৈঠকত অক্টোবৰৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰা হ’ব বুলি মন্ত্ৰীগোটে সংগঠনবোৰক জনায়; কিন্তু নৱেম্বৰৰো দুসপ্তাহ অতিক্ৰম কৰাৰ সময়লৈ কেন্দ্ৰক দাখিল কৰা নহ’ল ৰাজ্য চৰকাৰৰ প্ৰতিবেদন । ইয়াৰ বিপৰিতে চৰকাৰে মৰাণ, মটক আৰু কোচ ৰাজবংশীক প্ৰদান কৰা স্বায়ত্বশাসিত পৰিষদক লৈয়ে অধিক ব্যস্ত হৈছে; কিন্তু এই পৰিষদ কেইখনক লৈয়ো বিতৰ্কৰ অন্ত নাই ।

বিশেষকৈ কোচ ৰাজবংশীৰ পৰিষদখনক লৈ তীব্ৰ বিতৰ্ক অব্যাহত আছে । প্ৰতিবেদন এই পৰ্যন্ত দাখিল নকৰাৰ সন্দৰ্ভত সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে চৰকাৰে তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছে । এই পৰ্যন্ত দুদিনীয়া বৈঠকৰ ভিত্তিত চৰকাৰে প্ৰতিবেদন দাখিল নকৰাটো দুৰ্ভাগ্যজনক বুলি মৰাণে মন্তব্য কৰে ।

Exit mobile version