দীৰ্ঘদিন অসুস্থতাৰ পাছত অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বাংলা চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেতা সৌমিত্ৰ চেটাৰ্জীয়ে

WhatsApp Image 2020 11 15 at 3.58.16 PM

বাংলা চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ দেওবাৰে দুপৰীয়া ১২বাজি ১৫ মিনিটত কলকাতাৰ বেলেভিউ হাস্পাতলত ৮৫ বছৰ বয়সত দেহাৱসান ঘটে।দীৰ্ঘ দিন ধৰি বেমাৰৰ লগত যুঁজি থকা সৌমিত্ৰ চেটাৰ্জীয়ে দশক দশক ধৰি বাংলা চলচ্চিত্ৰ প্ৰেমী দৰ্শকৰ মনত গভীৰ সাঁচ বহুৱাই সকলোৰে মন জয় কৰিছিল।

১৯৩৫ চনত পশ্চিমবংগৰ কৃষ্ণনগৰত জন্ম গ্ৰহণ কৰা সৌমিত্ৰ চেটাৰ্জীয়ে কলকাতাৰ চিটি কলেজৰ পৰা বাংলাত অনাৰ্ছ লৈ স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল।

১৯৫১ চনত সত্যজিত ৰায়ৰ ‘অপুৰ সংসাৰ’ ছবিৰে নিজৰ অভিনয় জগতৰ স্বৰ্ণিল যাত্ৰা আৰম্ভ কৰা সৌমিত্ৰ চেটাৰ্জীয়ে সত্যজিত ৰায়ে নিৰ্মাণ কৰা ৩৪ খন চলচ্চিত্ৰৰ ভিতৰত ১৪খন ছবিতে অভিনয় কৰিছিল।

অভিনয় জীৱনকে সাৰোগত কৰি জীৱন সাৰ্থক কৰি তোলা ক্ষণজন্মা সৌমিত্ৰ চেটাৰ্জীয়ে তলাবন্ধৰ পৰৱৰ্তী সময়ত নিজৰ বায়’পিক অভিযানৰ শ্বুটিং সমাপ্ত কৰাৰ লগতে এখন তথ্যচিত্ৰৰ কামো কৰিছিল।

আনহাতে সৌমিত্ৰ চেটাৰ্জীৰ চিকিৎসকসকলৰ মতে কৰ’না সংক্ৰমণৰ কাৰণে তেওঁৰ সকলো শিৰা উপশিৰা নিস্ক্ৰিয় হৈ গৈছিল। বিগত ৪০ দিন ধৰি সৌমিত্ৰ চেটাৰ্জীক জীৱন মৃত্যুৰ পৰা বচাবলৈ চেষ্টা কৰা হৈছিল। কিন্তু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বাংলা চলচ্চিত্ৰ জগতৰ অভিনেতাজনে। সৌমিত্ৰ চেটাৰ্জীৰ মৃত্যু বাংলা চলচ্চিত্ৰৰ এক অপুৰণীয় ক্ষতি ৷

Exit mobile version