পুনৰ ক’ভিড হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড

WhatsApp Image 2020 11 15 at 1.42.23 PM

ৰোমানিয়াৰ পিয়াত্ৰা নিমট কাউণ্টি হাস্পাতালৰ ইনটেনছিভ কেয়াৰ ইউনিটত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।এই অগ্নিকাণ্ডত প্ৰায় ১০ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে। ইপিনে চৰকাৰী সূত্ৰই জনোৱা অনুসৰি মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা আছে ।

ADVERTISEMENT

এই সন্দৰ্ভত ৰোমানিয়াৰ স্বাস্থ্যমন্ত্ৰী নেলু তাতাৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে নিশা সংঘটিত এই জুই হাস্পতালখনৰ আন ইউনিটলৈও বিয়পি পৰে।

অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলায়।

কেইবা ঘণ্টা ধৰি চলোৱা চেষ্টাৰ অন্তত জুই নিৰ্বাপিত হয় যদিও ইতিমধ্যে ১০ গৰাকী ৰোগীৰ মৃত্যু ঘটাৰ কথা নিশ্চিত কৰা হয়।

আনহাতে কি কাৰণত চিকিৎসালয় খনত জুইৰ সূত্ৰপাত ঘটিলি সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।

উল্লেখ্য ২০১৫ চনতো ৰোমানিয়াৰ ৰাজধানী বুখাৰেষ্টৰ এটা নাইট ক্লাবত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত ৬৫ জন লোকৰ মৃত্যু ঘটিছিল।

Exit mobile version