চৰকাৰী অৰুণোদয় আঁচনিৰ তালিকাত নাম আহিল লাট গাঁওবুঢ়াৰ পত্নীৰ

WhatsApp Image 2020 11 16 at 7.30.01 PM

অসম চৰকাৰে যিমানে কঠোৰ নিৰ্দেশ নিদিয়ক কিয় একাংশই যেন তাক বুঢ়া আঙুলি দেখুওৱাহে পৰিলক্ষিত হৈছে ৷ বিৱৰণী মতে বাক্সাৰ শালবাৰীৰ সমীপৱৰ্তী তথা বৰপেটা জিলাৰ ১১৫ নং ধুমাৰপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মাধপুৰ গাঁওৰ গাঁওবুঢ়া সদানন্দ স্বৰ্গীয়াৰীৰ পত্নী সত্যশ্ৰী স্বৰ্গীয়াৰীৰ নামত অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে এগৰাকী চৰকাৰী বিষয়াৰ পত্নীৰ নাম কেনেদৰে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ’ল তাকে লৈ সৰৱ চৰ্চা হৈছে ৷

উল্লেখ্য যে আঁচনিখন একাংশ দুখীয়া, বিধৱা, অবিবাহিত মহিলা, শাৰীৰিকভাৱে বিশেষ সক্ষম লোকৰ বাবে চৰকাৰে প্ৰণয়ন কৰিবলৈ লৈছে তেনে সময়তে কেনেদৰে এজন গাওঁবুঢ়াৰ পত্নীৰ নাম আঁচনিখনৰ নামৰ তালিকাত অন্তৰ্ভুক্ত হ’ল সেইয়া ৰহস্য হৈ পৰিছে ৷ আঁচনিখন ৰাজহ বিষয়াৰ অনুমোদনৰ পিছত লাট মণ্ডলে তালিকা প্ৰস্তুত কৰে তাৰ পিছতহে পঞ্চায়ত সচিবে স্বাক্ষৰ কৰি মূল আবেদন পত্ৰখনত সচিবে স্বাক্ষৰ কৰে ৷ সেইমতেই হিতাধিকাৰীৰ নামত আহে একোখন কৈ মূল আবেদন পত্ৰ।

কিন্তু সেই সুযোগতে গাওঁবুঢ়াই হিতাধিকাৰীৰ নামৰ তালিকাত অন্তৰ্ভুক্ত কৰি দিয়ে নিজ পত্নীৰ নাম ৷ যিয়ে চৰকাৰী নীতি নিৰ্দেশনাৰ ভেঙুচালিক প্ৰমাণ কৰি দিলে বুলি অভিযোগ উত্থাপন হৈছে । সেয়ে গাঁওবুঢ়াৰ লগতে ৰাজহচক্ৰ বিষয়া, পঞ্চায়ত সচিব ৰঞ্জিত দাস ও লাটমণ্ডল আনন্দ বিশ্বাসৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল’বলৈ সচেতন মহলে দাবী জনাইছে ৷

Exit mobile version