পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল

059949334Kaziranga Jeep Burapahar1

দেশী-বিদেশী পৰ্যটকৰ বাবে আজি মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল । উদ্যানখনৰ বনাঞ্চলিক বিষয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক, স্থানীয় পশাসনৰ উপস্থিতিত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই মুকলি কৰে বুঢ়াপাহাৰ বনাঞ্চল ।

উল্লেখ্য যে বিগত ২১ অক্টোবৰত উদ্যানখনৰ কঁহৰা, বাগৰি আৰু আঠ নৱেম্বৰত অগৰাতলি বনাঞ্চল মুকলি হোৱাৰ পাছতে আজি পৰ্যটকৰ বাবে মুকলি কৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ অতিকৈ মনোমোহা বুঢ়াপাহাৰ বনাঞ্চল । পাহাৰ-নদীৰ সংগমস্থলীত থকা বনাঞ্চলখনত পৰ্যটকে মহাবাহুৰ নৈসৰ্গিক শোভা নিচেই কাষৰ পৰা উপভোগ কৰিব পাৰিব ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ গঁড়, হৰিণাৰ উপৰিও বনাঞ্চলটোৰ মুখ্য আকৰ্ষণ হলৌ বান্দৰ আৰু ধনেশ পক্ষীৰ জাক । পৰ্যটকে জীপ ছাফাৰীৰ জৰিয়তে বনাঞ্চল পৰিভ্ৰমণৰ সুবিধা লাভ কৰিব । ইয়াৰ লগতে বুঢ়াপাহাৰ বনাঞ্চলত পৰ্যটকে পাব ট্ৰেকিং আৰু নৌকা পৰ্যটনৰ সুবিধা ।

উল্লেখ্য যে নৌকা পৰ্যটন, ট্ৰেকিঙৰ সুবিধা উদ্যানখনৰ আন তিনিখন বনাঞ্চলত উপলব্ধ নহয় । পজীৰ বুঢ়াপাহাৰ ৰেঞ্চৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে অভিনেত্ৰী আশা বৰদলৈয়ে । বনাঞ্চলখনত প্ৰথম দিনাই পৰ্যতকৰ সঁহাৰি আছিল ইতিবাচক ।

বনাঞ্চলখনক লৈ শেহতীয়া সংযোজন বান্দৰডুবিত এক পৰ্যটন ঠাইৰ লগতে চিৰাং পাহাৰৰ চূড়ালৈ এক ট্ৰেকিঙৰ সুবিধাও মুকলি কৰে মন্ত্ৰী হিমন্তই । এই সকলোবোৰক লৈ আশাবাদী বন বিভাগৰ লগতে পৰ্যটন বিভাগ ।

Exit mobile version