চিৰাঙৰ কাজলগাঁৱত নৃত্য-গীতেৰে ইউপিপিএল দলৰ বৃহৎ নিৰ্বাচনী সভা

58d22a77 b93c 4c68 90a2 c65c0c13ddc8

সমাগত বিটিছি নিৰ্বাচন ৷ইয়াৰ মাজতে আজি চিৰাং জিলাৰ কাজলগাঁৱত ইউ পি পি এল দলৰ পৰিৱৰ্তন  জনসভা অনুষ্ঠিত হয়। চাৰিটা ব্লক সমিতিৰ উদ্যোগত কাজলগাঁৱৰ বিশাল নিৰ্বাচনী সভা  ইউপিপিএল দলৰ প্ৰাৰ্থীৰ সমৰ্থনত আয়োজিত এই সভাত দলটোৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰমোদ বড়োই সমদলত অংশ লৈ নৃত্য গীতেৰে জনসভাত অংশগ্ৰহণ কৰে।

এইবাৰ ৩০ টাতকৈ অধিক আসন লৈ বিটিচিত ইউপিপিএল দলে চৰকাৰ গঠন কৰিব। লগতে বিটিচিত বিজেপি নিৰ্বাচনী প্ৰচাৰ চলালে ইউ পি পি এল দলৰ কোনো ক্ষতি নহয়, ইউ পি পি এলৰ লাভ হে হ’ব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।বিগত ১৭ বছৰে বিটিচিত কৰা হাগ্ৰামাৰ দুৰ্নীতিৰ বিচাৰ হ’বলৈ গৈ আছে এই বিটিচি নিৰ্বাচনত।

লগতে প্ৰমোদ বড়োৱে কয় বিটিচিৰ ৰাইজেই সিদ্ধান্ত লৈছে যে ইউ পি পি এল দলে চৰকাৰৰ গঠন কৰিব আৰু বিটিচি বাসীয়ে ইয়াৰ বিচাৰ কৰিব ৷লগতে হাগ্ৰামা ইয়াত দোষী সাব‍্যস্ত যে হ’ব সেয়া নিশ্চিত বুলিও কয় প্ৰমোদ বড়োৱে ৷

ইফালে ইউ পি পি এল দলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্মই কয়” বিটিচিত বিজেপি নিজৰ দলৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই ইয়াত ইউ পি পি এল দলৰ কোনো ক্ষতি নহয়। বিজেপি- বিপিএফ দলৰ সংঘাতত লাভাম্বিত হ’ব ইউপিপিএল দল। ইউ পি পি এল দল শংকিত নহয় কাৰণ বিপিএফ আৰু বিজেপি সংঘাতত ইউ পি পি এল দলৰ লাভ হ’ব বুলি কয় ব্ৰহ্মই।

দুয়ো দলৰ মিত্ৰ চৰকাৰ দিছপুৰত আছে ৷ইয়াৰ পাছতো বিটিচি নিৰ্বাচন লৈ তেওঁলোকৰ মাজত কিয় কন্দল হ’ল ৰাইজে আজি প্ৰশ্ন কৰিছে । দুই দলৰ মাজত আজি ধন সম্পত্তিক লৈ সংঘাত হৈছে । বিজেপি-বিপিএফ দুয়ো দলৰ সংঘাতৰ ফলত তেওঁলোকৰ দুৰ্নীতি পোহৰলৈ আহিছে ।”লগতে  ইয়াৰ উপযুক্ত তদন্ত হ’ব লাগে বুলি কয় উৰ্খাউ গৌৰা ব্ৰহ্ম।

আনহাতে, ইউপিপিএল দলৰ চিৰাঙৰ চাৰিটাকৈ ব্লক কমিটীৰ উ‍দ‍্যোগত অনুষ্ঠিত হোৱা এই জনসভাত দলটোৰ উপসভাপতি তথা কাজলগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে সঞ্চালন কৰা সভাত দলটোৰ কে’বাজনো কেন্দ্ৰীয় নেতাৰ লগতে প্ৰায় ২০ হেজাৰ লোকে অংশগ্ৰহণ কৰে ।লগতে সভাত সকলোৰে মুখত বিটিচিৰ পৰিৱৰ্তনৰ শ্ল’গান শুনিবলৈ পোৱা যায়।

 

Exit mobile version