নগাঁৱত ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত ডাক বিভাগৰ মেলা

department of post dop

নগাঁৱৰ ছহিদ ভৱনত আজি নগাঁৱ ডাক বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় মাণ্ডলিক পৰ্যায়ত পি এল আই-আৰ পি এল আই মেলা । নগাঁৱ ডাক বিভাগে আয়োজন কৰা মেলাখনত অংশগ্ৰহণ কৰে বিভাগটোৰ শতাধিক বিষয়া কৰ্মচাৰীয়ে ।

সামাজিক দূৰত্ব তথা ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত কৰা এই মাণ্ডলিক পৰ্যায়ৰ পি এল আই-আৰ পি এল আইৰ জৰিয়তে ডাক বিভাগে চৰকাৰী কৰ্মচাৰীৰ বাহিৰেও সাধাৰণ লোকে কি দৰে কম কিস্তিত জীৱন সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰিব পাৰে । তাৰেই আভাস দাঙি ধৰে ।

মেলাত উপস্থিত গ্ৰামীণ ডাক সেৱকসকলে ক’ভিডৰ দৰে অতিমাৰীৰ সময়তো ৰাইজৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰি যোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । লগতে আহ্বান জনায় যে ভুৱা মাইক্ৰ’ফাইনেন্স হাতোৰাৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি আৰু ডাক বিভাগে কি কি সুবিধা আগবঢ়াই আহিছে সেয়া জনসাধাৰণৰ ওচৰত উপস্থাপন কৰি সজাগ কৰিৰ লগতে ডাক বিভাগকো আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰা হয় ।

উল্লেখ্য যে পূৰ্বতে কেৱল চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হোৱা জীৱন বীমা পি এল আই বৰ্তমান সকলো পৰ্যায়ৰ লোকৰ বাবে আৰ পি এল আই উপলব্ধ ।

Exit mobile version