৭ বছৰীয়া নাবালিকাক ধর্ষণ কৰি হত্যা : যকৃত সহ শৰীৰৰ কে’বাটাও অংগ কাটি নিলে ধৰ্ষণকাৰীয়ে

WhatsApp Image 2020 11 17 at 4.39.10 PM

পুনৰ এক নাৰকীয় ঘটনা সংঘটিত হ’ল কানপুৰত । বলাৎকাৰ কৰি হত্যা কৰাৰ পিছতে যকৃত সহ শৰীৰৰ কে’বাটাও অংগ কাটি নি নৃশংস ঘটনা সংঘটিত কৰে ধর্ষণকাৰীয়ে । ঘটনাটো সংঘটিত হয় উত্তৰপ্ৰদেশৰ কানপুৰত ।

কানপুৰত ৭ বছৰীয়া এগৰাকী নাবালিকাৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি প্ৰথমে নাবালিকা গৰাকীক ধৰ্ষণ কৰা হয় আৰু তাৰ পিছত হত্যা কৰি নৃশংস কাণ্ড সংঘটিত কৰে । আৰক্ষীয়ে ঘটনাৰ সংক্রান্তত চাৰিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে একাধিক দলত বিভক্ত হৈ ঘটনাৰ তদন্ত কৰিব বুলি প্ৰকাশ কৰে । আনহাতে, নাবালিকাৰ চুবুৰীয়া দুজন লোককো সন্দেহৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে, শনিবাৰে নিশা নাবালিকা গৰাকীক অপহৰণ কৰি মদ্যপান কৰি থকা অৱস্থাত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । তাৰ পিছতে হত্যা কৰা হয় । যকৃত সহ শৰীৰৰ কে’বাটাও অংগ উলিয়াই নিয়াৰ পিছত দেওবাৰে মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। সমগ্ৰ ঘটনা অন্ধবিশ্বাসৰ বলি হৈয়ে এনে নৃশংস ঘটনা সংঘটিত হৈছে বুলি ধাৰণা কৰিছে আৰক্ষীয়ে।

Exit mobile version