মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ

WhatsApp Image 2020 11 18 at 6.53.08 PM

চিৰাঙৰ বিজনীত সদৌ বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ চিৰাং জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল ঘোষে এক সংবাদমেল অনুষ্ঠিত কৰি মন্ত্ৰী ড° হিমন্ত শৰ্মাই বিটিচিত নিৰ্বাচনী প্ৰচাৰৰ নামত বিভিন্ন দল সংগঠনক কটাক্ষ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যোৱা কে’বাদিনৰ পৰা বিটিচি নিৰ্বাচনৰ প্ৰচাৰৰ নামত বঙালী যুৱ ছাত্ৰ ফেডাৰেচনক টাৰ্গেট কৰি মন্তব্য কৰি আহিছে বিজেপি চৰকাৰে ।

বিজেপিৰ দালাল তথা হিন্দুৰ ঠিকা লোৱা বিধায়ক শিলাদিত্যই তেওঁৰ সমষ্টিত বহু লোকৰ নাম কৰ্তন কৰিছে এনআৰচিৰ পৰা । ইয়াৰোপৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সমষ্টিতো বহু বঙালী হিন্দুৰ নাম কৰ্তন হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে বৰাকত নিৰ্বাচনী প্ৰচাৰলৈ আহি ডিটেনচন কেম্প ভঙাৰ কথা কৈছিল । কিন্তু এতিয়াও বাহাল আছে ডিটেনচন কেম্প ।

এই চৰকাৰে নিৰ্বাচনৰ বতৰ আহিলেই বঙালি হিন্দুৰ ভোট লোৱাৰ বাবে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে । ইয়াৰোপৰি বঙালি সকলক হত্যাৰ ষড়যন্ত্ৰ কৰিছে । বহু লোক জীৱিত অৱস্থাত বিদেশী হৈ ডিটেনচন কেম্পত থাকে আৰু মৃত্যুৰ পিচত স্বদেশী হয় । লগতে তেঁও কয় যে বঙালী যুৱ ছাত্ৰ ফেডাৰেচন অৰাজনৈতিক সংগঠন যদিও আমি কোনো ৰাজনৈতিক দলৰ পক্ষপাতি নহয় ।

আনহাতে, যি দলে বঙালী সকলৰ সুৰক্ষা তথা উন্নয়নৰ বাবে কাম কৰিব সেই দলক সহায় কৰিব বুলি স্পষ্ট কৰি দিয়ে বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ চিৰাং জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল ঘোষে ।

Exit mobile version