সাংবাদিক আৰু সংবাদ মাধ‍্যমৰ ওপৰত হোৱা আক্ৰমনৰ প্ৰতিবাদত বঙাইগাঁও প্ৰেচ ক্লাৱৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

898db817 9648 427b 9f42 80124a6eec6e

গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাবৰসমূহ সাংবাদিকে আজি জিলা উপায়ুক্তৰ কাৰ্য‍ালৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য‍সূচী ৰূপায়ণ কৰে ।

শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ কাকপথাৰত জেষ্ঠ সাংবাদিক পৰাগ কুমাৰ ভূঞাক পৰিকল্পিত হত‍্যাকাণ্ড আৰু কামৰূপ জিলাৰ সাংবাদিক মিলন মহন্তক জুৱা মাফীয়াই কৰা আক্ৰমনৰ প্ৰতিবাদত গ্ৰেটাৰ বঙাইগাঁও প্ৰেচ ক্লাৱে এই দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷

সাংবাদিকসকলৰ দুঘন্টীয়া এই প্ৰতিবাদী কাৰ্য‍সূচীত বিভিন্ন দল সংগঠনৰ লোকেও অংশগ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ‍্য চৰকাৰক সমালোচনা কৰে।

লগতে চৰকাৰে সাংবাদিকসকলৰ নিৰাপত্তা দিয়াত ব‍্যৰ্থ হোৱাৰ অভিযোগ কৰে তেওঁলোকে ৷এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অতি শীঘ্ৰেই সাংবাদিক আৰু সংবাদ মাধ‍্যমৰ সৈতে জড়িত লোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনায় সাংবাদিকসকলে ৷

Exit mobile version