ইংলেণ্ডত ২০৩০ত নিষিদ্ধ হ’ব পেট্ৰ’ল-ডিজেল চালিত যান-বাহন বিকল্প ব্যৱস্থা

WhatsApp Image 2020 11 19 at 3.47.08 PM

ইংলেণ্ডত ২০৩০ৰ পৰা পেট্ৰ’ল আৰু ডিজেলৰ দ্বাৰা চালিত সকলো ধৰণৰ যানবাহনৰ ক্ৰয়-বিক্ৰয় নিষিদ্ধ ঘোষণা কৰা হৈছে । দেশখনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে যোৱা নিশা এই ঘোষণা কৰাৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণৰ লক্ষ্যৰে ১২ বিলিয়ন ইউৰ’ ব্যয় কৰিবলৈ লোৱাৰ কথাও সদৰী কৰে । পেট্ৰ’ল আৰু ডিজেলৰ দ্বাৰা চলা সকলো ধৰণৰ যানবাহন বন্ধ কৰি বৈদ্যুতিক যানবাহনৰ চলাচলত সহায়ক হোৱাকৈ অতিৰিক্তভাৱে ১.৩ বিলিয়ন ইউৰ’ ব্যয়ৰ বিষয়েও জনায় প্ৰধানমন্ত্ৰী জনছনে ।

দেশখনত এতিয়াৰ পৰা শক্তি আহৰণৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে আণৱিক সৌৰ তথা বায়ুশক্তিৰ ওপৰত নিৰ্ভৰ কৰা হ’ব । উল্লেখ্য যে যোৱা বছৰ জুলাইত প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়তে পৰিৱেশ প্ৰদূষণ ৰোধৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল বৰিছ জনছনে । প্ৰাথমিকভাৱে ব্ৰিটিছ চৰকাৰে ২০৪০ত পেট্ৰ’ল আৰু ডিজেলৰ দ্বাৰা চালিত যানবাহনৰ ক্ৰয়-বিক্ৰয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল; কিন্তু প্ৰধানমন্ত্ৰী হিচাপে জনছনে ব্যক্তিগতভাৱে সক্ৰিয়তা গ্ৰহণ কৰি নিষিদ্ধকৰণৰ সিদ্ধান্ত এটা দশক আগবঢ়াই আনে ।

জৈৱিকভাৱে উৎপাদিত ইন্ধন সম্পূৰ্ণভাৱে বন্ধ কৰি প্ৰদূষণ নিয়ন্ত্ৰণৰ স্বাৰ্থত ১০ দফাযুক্ত ‘ইউ কে গ্ৰীণ ইণ্ডাষ্ট্ৰিয়েল ৰিভ’লিউচন’ৰ কথাও প্ৰধানমন্ত্ৰী  জনছনে কালি ঘোষণা কৰে । নতুন পৰিকল্পনা অনুসৰি একমাত্ৰ পেট্ৰ’ল অথবা ডিজেলৰ ব্যৱহাৰ বন্ধতে চৰকাৰী পৰিকল্পনাৰ অন্ত নপৰে । সেউজ গৃহ গেছৰ নিঃসৰণ হ্ৰাসৰ লক্ষ্যৰে জনছন চৰকাৰে বিকল্প শক্তিৰ ব্যৱহাৰতো গুৰুত্ব প্ৰদান কৰি নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিব । শাসক দল কনজাৰভেটিভ পাৰ্টিৰ দাবী অনুসৰী নতুন ব্যৱস্থাৰ ফলত ইংলেণ্ডত আঢ়ৈ লাখৰো অধিক কৰ্মসংস্থানৰ সৃষ্টি হ’ব ।

বিৰোধী লেবাৰ পাৰ্টিৰ পৰা কিন্তু চৰকাৰৰ এই পদক্ষেপৰ বিৰোধ কৰি সমালোচনা কৰা হয় । লেবাৰ পাৰ্টিৰ দাবী অনুসৰী দেশখনৰ ৭৪ শতাংশ যানবাহন জৈৱ ইন্ধনৰ দ্বাৰা চলাচল কৰে । কৰ’নাই অৰ্থনীতি ক্ষতিগ্ৰস্ত কৰাৰ সময়ত চৰকাৰৰ এই সিদ্ধান্তই অট’ম’বাইল উদ্যোগক ধ্বংসৰ মুখলৈ ঠেলি দিব । সম্প্ৰতি দেশখনত মাত্ৰ ছয় শতাংশ যানবাহনহে বেটাৰীত চলাচল কৰি আছে । চি এন জিৰ দ্বাৰা চালিত যানবাহনৰ সংখ্যাও দেশখনত ক্ৰমশঃ বৃদ্ধি পাবলৈ লৈছে ।

এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে ইংলেণ্ডত আগন্তুক বৰ্ষৰ ১২ ডিচেম্বৰৰ পৰা ‘চি অ’ পি ২৬ ক্লাইমেট ছামিত’ আৰম্ভ হ’ব । গ্লাছগ’ত হ’বলগীয়া সন্মিলনৰ পূৰ্বে দেশখনে ইয়াৰ দ্বাৰা এক ইতিবাচক বাৰ্তাও প্ৰেৰণ কৰা বুলি ক’ব পাৰি । এই বিষয়ত প্ৰধানমন্ত্ৰী জনছনে কয়, ‘আমি আমাৰ ভৱিষ্যতৰ ওপৰত দৃষ্টি ৰাখিব লাগিব । সেউজকৰণৰ বৃদ্ধিৰ সা-সুবিধাবিলাক আমি গ্ৰহণ কৰিব লাগিব । আমাৰ গ্ৰহটোক উদ্ধাৰ কৰাৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰখনলৈকো আমি চকু ৰাখি হাতত হাত ধৰি আগবাঢ়ি যাব লাগিব ।’

১০ দফা যুক্ত পৰিকল্পনা অনুসৰি ইংলেণ্ডত এতিয়াৰ পৰা চাইকেল চলোৱা তথা খোজকঢ়াত অধিক গুৰুত্ব দিয়া হ’ব । প্ৰদূষণ ৰোধ কৰি বিকল্প শক্তি আহৰণত পৰ্যায়ক্ৰমে চৰকাৰীভাৱে অধিক ধন ব্যয়ৰো সিদ্ধান্ত লোৱা হৈছে । বিকল্প শক্তি আহৰণত চৰকাৰে গৱেষণাৰ বাবেও ধন প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণৰ কথা প্ৰধানমন্ত্ৰী জনছনে কালি সদৰী কৰে ।

Exit mobile version