চিমেণ্টৰ ছিণ্ডিকেট : প্ৰতিবেগত ৩০ টকাকৈ বৃদ্ধি ৰাজ্যত

resize 1482126924

তলাবন্ধত দিশহাৰা হােৱা সাধাৰণ জনতাক লুণ্ঠনৰ উদ্দেশ্যে ৰাজ্যত পুনৰ চিমেন্ট ব্যৱসায়ত ভয়ংকৰ ছিণ্ডিকেট আৰম্ভ হৈছে। ক্ষমতাশালী চক্ৰৰ পৃষ্ঠপােষকতাত ব্যৱসায়ী কৈলাশ লােহিয়া, সুজন ভজংকা আৰু পুনিত ডালমিয়াৰ নেতৃত্বত এই ছিণ্ডিকেট চলাৰ গুৰুতৰ অভিযােগ উত্থাপন হৈছে। উল্লেখ্য যে যােৱা ১৫ দিনত উত্তৰ-পূবত প্রস্তুত হােৱা ৩৫ টা চিমেন্ট কোম্পানীয়ে প্রতিবেগ চিমেণ্টৰ দাম বৃদ্ধি কৰিছে।

মহানগৰীৰ আগশাৰীৰ কে’বাখনাে গৃহ নিৰ্মাণৰ ব্যৱসায়িক প্রতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে এই অভিযােগ উত্থাপন কৰি কয়, ‘টপচেমৰ পৰিচালন সঞ্চালক কৈলাশ লােহিয়া, ষ্টাৰ চিমেণ্টৰ পৰিচালনসঞ্চালক সুজন ভজংকা আৰু ডালমিয়া চিমেন্ট পৰিচালন সঞ্চালক পুনিত ডালমিয়াই উত্তৰ-পূবত দীর্ঘ সময় ধৰি চিমেণ্টৰ ছিণ্ডিকেট চলাই আহিছে।

উত্তৰ-পূবত থকা আন ৩২ টা চিমেন্ট কোম্পানীৰে দাম এই তিনিজনৰ মতেই নির্ধাৰণ কৰা হয়; কিন্তু তেওঁলােকৰ বিৰুদ্ধে কোনাে ব্যৱসায়িক প্রতিষ্ঠানে ৰাজহুৱাকৈ আপত্তি কৰিব নােৱাৰে। কাৰণ তেনে কৰিলেই উক্ত প্রতিষ্ঠান ডলাৰশ্বিপ কর্তন কৰে সংশ্লিষ্ট কোম্পানীয়ে ।

উল্লেখ্য যে অসমত উৎপাদিত টপচেম, ষ্টাৰ আৰু ডালমিয়া চিমেণ্টৰ বৰ্তমান সময়ত পাইকাৰী মূল্য ৪২০ টকা; কিন্তু অসমত উৎপাদিত এই চিমেন্ট বহিঃৰাজ্যত ৩৩০-৩৪০ টকাত বিক্ৰী হৈছে। একেদৰে বহিঃৰাজ্যৰ পৰা অসমলৈ অহা দেশৰ আগশাৰীৰ ১০টা চিমেন্ট কোম্পানীৰ ভিতৰৰ ইণ্ডিয়া চিমেন্ট, এ চি চি , লাফার্জ, অম্বুজা, বীৰলা গল্ড, ইমামি, মেক’ আদিৰ চিমেণ্টৰ মূল্য বৃদ্ধি হােৱা নাই। এইসমূহ কোম্পানীয়ে বর্তমানেও ৰাজ্যত ৩৫০ টকাৰ দৰত চিমেন্ট যােগান ধৰি আহিছে। এশ টকা জিএছটি, এশ টকা ৰেলত যাতায়াতৰ বাবদ বহন কৰিবলগীয়া হােৱা এইসমূহ কোম্পানীয়ে যদি ৰাজ্যত মাত্র ১৫০ টকা উৎপাদিত মূল্যত চিমেন্ট যােগান ধৰিবলৈ সক্ষম হয় তেন্তে অসমৰে সােণাপুৰ, গৌৰীপুৰ, লংকাত প্রস্তুত হােৱা চিমেণ্টৰ মূল্য কিদৰে ৪২০ টকা হৈছে সেয়াই মূল কথা।

উল্লেখ্য যে আইন অনুসৰি কে’বাটাও কোম্পানীয়ে একে নির্ধাৰিত মূল্যত দাম বৃদ্ধি কৰিব নােৱাৰে বুলি ব্যৱসায়ীসকলৰ এক সূত্রই সদৰী কৰি ক্ষমতাশালী চক্ৰৰ পৃষ্ঠপােষকতাৰ বাবেই একেলগে ৰাজ্যৰ আটাইকেইটা কোম্পানীয়ে ৩০ টকাকৈ প্রতিবেগ চিমেন্টত দাম বৃদ্ধি কৰাৰ সুযােগ লাভ কৰা বুলি অভিযােগ
কৰে। আনহাতে, ৰাজ্যত থকা সৰু সৰু চিমেন্ট কোম্পানী ৰক্সা, শক্তিমান, গল্ড চিএম, জে কে চিমেন্টে ৰাজ্যত ২৮০ টকাৰ দৰত চিমেন্ট যােগান ধৰি আহিছিল যদিও শেহতীয়াকৈ কৈলাশ লােহিয়া, সুজন ভজংকা আৰু পুনিত ডালমিয়াৰ হেঁচাত তেওঁলােকেও দাম বৃদ্ধি কৰাৰ অভিযােগ উত্থাপন কৰি সূত্ৰটোৱে বহিঃৰাজ্যৰ কোম্পানীসমূহকো দাম বৃদ্ধিৰ বাবে হেঁচা দিয়া হৈছে বুলি কয়।

ইফালে, গণেশগুৰিৰ গুপ্তা হার্ডৱেৰে সদৰী কৰা তথ্য অনুসৰি, পহিলা নৱেম্বৰত ষ্টাৰ, ডালমিয়া, টপচেমৰ প্রতিবেগ চিমেণ্টৰ পাইকাৰী মূল্য আছিল ৩৯০ টকাকৈ আৰু এতিয়া ইয়াৰ মূল্য ৪২০ টকালৈ বৃদ্ধি পাইছে। একেদৰে সূর্য গ’ল্ড, মেক্স, ব্লেক টাইগাৰ, অমৃত আদি চিমেণ্টৰ মূল্য আছিল ৩৭০ টকা আৰু বর্তমান ইয়াৰ মূল্য ৩৯০ টকালৈ বৃদ্ধি পাইছে। কিন্তু ইয়াৰ পৰিৱর্তে বাংগালুৰু, বিহাৰ, দক্ষিণ ভাৰতৰ পৰা অহা চিমেন্ট লাফার্জ, অম্বুজা, এচিচি আদিৰ মূল্য বর্তমান সময়ত ৩৫০ টকা বুলি কয়।

ইফালে, ৰডৰ মূল্যও টনত সাত হেজাৰ টকাকৈ বৃদ্ধি পােৱা বুলি উল্লেখ কৰে প্রতিষ্ঠানটোৱে। ইফালে, শ্রমিক সংগঠনৰ নেতা তপন শর্মাই এয়া চৰকাৰৰ নির্বাচনী ধন ঘটাৰ এক কৌশল বুলি উল্লেখ কৰি বহুজাতিক কোম্পানীৰ প্রতি দদ থকা চৰকাৰে দীর্ঘদিনৰ পৰা এইদৰেই সাধাৰণ জনতাৰ ওপৰত লুণ্ঠন চলাই অহা হৈছে বুলি কয়।

Exit mobile version