চি বি আই তদন্ত কৰিবৰ বাবে ৰাজ্যৰ সন্মতি বাধ্যতামূলক

SupremeCourtofIndia

কোনো ৰাজ্যত চি বি আই তদন্ত কৰিবৰ বাবে সংশ্লিষ্ট ৰাজ্যসমূহৰ সন্মতি লোৱাতো অনিবাৰ্য ৷ অৰ্থাৎ যেতিয়ালৈ ৰাজ্যসমূহৰ সন্মতি নাপায় তেতিয়ালৈ চিবিআইয়ে তদন্ত আৰম্ভ কৰিব নোৱাৰিব । লগতে চি বি আইৰ তদন্তৰ ম্যাদ বঢ়াবৰ বাবেও সংশ্লিষ্ট ৰাজ্যসমূহৰ সন্মতি ল’ব লাগিব কেন্দ্ৰীয় চৰকাৰে । বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰে ।

উচ্চতম ন্যায়ালয়ে জানিবলৈ দিয়ে যে সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্টতা অটুত ৰাখিবৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে । উচ্চতম ন্যায়ালয়ে দিল্লীৰ বিশেষ পুলিচ আইন সম্বন্ধিত এক ঘটনাৰ বাবেই এই ৰায় দান কৰে ।

দিল্লীৰ বিশেষ পুলিচ আইন (১৯৪৭) ত কোৱা হৈছিল যে, চি বি আই তদন্তৰ বাবে দিল্লীৰ বাহিৰে অন্য ৰাজ্যসমূহৰ সন্মতি আৱশ্যক, পূৰ্বৰ কেন্দ্ৰীয়শাসিত অঞ্চলত দিল্লীৰ সন্মতিৰ প্ৰয়োজন নাছিল । যিহেতু, দিল্লী এতিয়া এখন ৰাজ্যলৈ পৰিণত হ’ল গতিকে চি বি আইক তদন্ত কৰিবলৈ বৰ্তমান এই সন্মতিৰ প্ৰয়োজন হ’ব ৷

আনহাতে,বিৰোধী দলৰ দীৰ্ঘদিনীয়া অভিযোগ, অন্য ৰাজ্যৰ ক্ষমতাশীল দলক উফৰায় পেলাবৰ বাবে কেন্দ্ৰত যি দলৰ ক্ষমতা থাকে সেই দলবোৰে চি বি আই, ইডি-ৰ দৰে তদন্তকাৰী সংস্থাবোৰৰ ব্যৱহাৰ কৰে ।

বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধে দূৰ্নীতি বা অন্য কোনো গোচৰত চি বি আইৰ তদন্ত আৰম্ভ কৰি দিয়া হয় । কিছু সংখ্যক ৰাজ্যই বিভিন্ন ক্ষেত্ৰত চি বি আইৰ তদন্ত অস্বীকাৰ কৰিছে। এই ৰাজ্য কেইখন হ’ল – ৰাজস্থান, ঝাড়খণ্ড, মহাৰাষ্ট্ৰ, ছট্টিচগড়৷ ইয়াত সম্প্ৰতি পঞ্জাৱ চৰকাৰেও সহযোগ কৰিছে ।

Exit mobile version