ধাৰাপুৰত বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভা  

454473ce 681a 4312 b54c 1fca10018423

বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত যোৱা ১৮ নৱেম্বৰত মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

গুৱাহাটী মহানগৰ জিলাৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভাপতি ৰিপুনজিৎ বাৰগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকি বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি মৃগেন শৰণীয়া, সাধাৰণ সম্পাদক অমৰজ্যোতি ডেকা, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ উপাধ্যক্ষ মুকুতা ডেকাই বিজেপি দলটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ ভূমিকা কি হ’ব সেই সন্দৰ্ভত কেতবোৰ দিহা-পৰামৰ্শ আগবঢ়ায়।

উক্ত সভাত বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সম্পাদক আৰু পশ্চিম গুৱাহাটীৰ প্ৰভাৰী বলেশ্বৰ ৰংপি, গুৱাহাটী মহানগৰ জিলাৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সাধাৰণ সম্পাদক গৌতম দাস, ৰাণী মণ্ডল বিজেপিৰ সভাপতি হৰকান্ত নাথ, ৰামছাৰাণী জিলা পৰিষদৰ সদস্য শিখা নাথ চৌধুৰী , আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপি , ৰাণা চেতিয়াৰ লগতে কেবাগৰাকী নেতা – কৰ্মী উপস্থিত থাকে ।

Exit mobile version