জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পু্ৱা সন্ত্ৰাসবাদী আৰু সেনা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত চাৰিজনকৈ সন্ত্ৰাসবাদী নিহত হয়। সন্ত্ৰাসবাদী কেইজনে নাগ্ৰোটাৰ বান অঞ্চলৰ ৰাষ্ট্ৰীয় পথৰ টোল প্লাজাৰ ওচৰত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে।
ADVERTISEMENT
আনহাতে সন্ত্ৰাসবাদী কেইজন জেইছ এ মহম্মদৰ লগত সম্পৰ্কিত ।চি আৰ পি এফৰ মতে সন্ত্ৰাসবাদীকেইজন স্থানীয় নহয় । ইপিনে সংঘৰ্ষ সংঘটিত হোৱাৰ কাৰণে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় পথটো বন্ধ কৰি দিয়া হৈছে। তদুপৰি নাগ্ৰোটা আৰু উধমপুৰৰ টিল্টিং অঞ্চলৰো সকলো যান-বাহন বন্ধ কৰা হৈছে।
ইয়াৰ পূৰ্বে কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ সক্ৰিয়তা দেখা গৈছিল। পুলৱামাৰ কাকপোৰা চ’কত সন্ত্ৰাসবাদীয়ে গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰিছিল। এই সংঘৰ্ষত ১২জন নাগৰিক আহত হৈছিল।