ভাৰতক প্ৰতিদ্বন্দ্বী বুলি গণ্য কৰে ৰঙা চীনে

WhatsApp Image 2020 11 19 at 2.30.04 PM

আমেৰিকাৰ বৈদেশিক মন্ত্ৰণালয়ে এক বিশেষ প্ৰতিবেদনত কয় যে চীনে অন্যান্য ৰাষ্ট্ৰৰ লগত ভাৰতৰ সম্পৰ্ক ভাল হৈ থকাটো নিবিচাৰে। লগতে আমেৰিকাৰ বৈদেশিক মন্ত্ৰণালয় কয় যে চীনে আমেৰিকাক সকলোতকৈ শক্তিশালী দেশৰ স্থানৰ পৰা আঁতৰাব বিচাৰে ৷

ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসন আৰু জ’ বাইডেনৰ মাজত শাসন হস্তান্তৰক লৈ হোৱা বাকযুদ্ধৰ মাজতে এক বিস্তৃত প্ৰতিবেদনত প্ৰকাশ পাইছিল যে চীনে বহু দেশৰ সুৰক্ষা,স্বাধীনতা আৰু আৰ্থিক অৱস্থাত হস্তক্ষেপ কৰিছে ৷আৰু সেই দেশসমূহ লোকচানৰ সন্মুখীন হৈছে ৷

প্ৰতিবেদন অনুসৰি চীনে ভাৰতৰ উপাৰ্জনক প্ৰতিদ্বন্দ্বী বুলি গণ্য কৰে ৷লগতে সকলো কাৰ্য পূৰণ কৰিবৰ কাৰণে ইয়াক ব্যৱহাৰ কৰিব বিচাৰে। লগতে চীনে বিচাৰে যে নতুন দিল্লীৰ আমেৰিকা,জাপান,অষ্ট্ৰেলিয়াৰ লগত ৰাজনৈতিক সম্পৰ্কৰ লগতে যিকোনো সম্পৰ্ক অৱনতি হওক।

আনহাতে এই প্ৰতিবেদনত ভাৰত আৰু চীনৰ মাজত হোৱা সংঘৰ্ষৰ কথাও উল্লেখ আছে। উল্লেখযোগ্য যে এই সংঘৰ্ষত ভাৰতৰ সেনা ছহীদ হোৱাৰ লগতে চীনৰো সেনা নিহত হৈছিল।

Exit mobile version