মাজিৰগাঁও গাঁও পঞ্চায়তত সাংসদ কুইন ওজাৰ ৪৫.৩০ লাখ টকাৰ আধাৰশিলা স্থাপন

62f17921 e38d 4f87 8a45 1c90e1a676fc

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই আজি পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত মাজিৰগাঁও গাঁও পঞ্চায়ত অঞ্চলৰ বিভিন্ন প্ৰান্তত পঞ্চায়তৰ জৰিয়তে চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰথম আৰু দ্বিতীয় কিস্তিৰ মুঠ ৪৫.৩০ লাখ টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া ছয়টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ।

ইয়াৰ ভিতৰত সামূহিক গৃহ , অংগনবাড়ী কেন্দ্ৰ, বিদ্যালয়ৰ সীমাৰ দেৱাল, পথ নিৰ্মাণকে ধৰি কেবাটাও আন্তঃগাঁথনি উন্নয়নৰ ব্যৱস্থা কৰা হ’ব। আনহাতে এই উপলক্ষে মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাংসদ কুইন ওজাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যখনৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈ বিগত চাৰি বছৰত ৰাজ্যখন সকলো দিশতে আগবাঢ়ি যোৱা বুলি ব্যক্ত কৰে ।

সভাত কামৰূপ জিলাৰ সদস্য প্ৰশান্ত মহন্ত , ৰামচাৰাণী জিলা পৰিষদৰ সদস্য শিখা নাথ চৌধুৰী , ৰাণী আঞ্চলিক পঞ্চায়তৰ সদস্য নিজৰা কলিতা , মাজিৰগাঁও গাঁও পঞ্চায়তৰ সচিব বাবুল চন্দ্ৰ নাথ , কনিষ্ঠ অভিযন্তা নৱ কুমাৰ লহকৰ , বি জে পি নেতা ক্ৰমে বলেশ্বৰ ৰংপী , হৰকান্ত নাথ , লতিকা কলিতা , কুশল দাস আৰু অঞ্চলটোৰ বহু বিশিষ্ট লোক উপস্থিত থাকে ।

উল্লেখযোগ্য যে মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্যৰ তৎপৰতাত শেহতীয়াভাৱে মাজিৰগাঁওক আদৰ্শ গাঁও হিচাপে ঘোষণা কৰা হৈছে । ইতিমধ্যে ইয়াৰ বাবে প্ৰায় পাঁচ কোটি টকাৰ অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে ।

Exit mobile version