ষট পূজা উপলক্ষে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ তিনি শতাধিক মহিলাক শাৰী বিতৰণ

558b1339 a0a6 40f7 a442 e3a312327063

আগন্তক ষট পূজা উপলক্ষে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ নগৰাঞ্চলৰ জ্যোতিকুছি , বিষ্ণুপুৰ আৰু কালাপাহাৰৰ বিহাৰী সম্প্ৰদায়ৰ প্ৰায় তিনি শতাধিক মহিলাক যোৱা ১৮ নৱেম্বৰত নতুন শাৰী আৰু পূজাত ব্যৱহৃত বিভিন্ন সামগ্ৰী বিতৰণ কৰে ।

এই উপলক্ষে হিন্দুস্তানী সমাজৰ জ্যোতিকুছি, বিষ্ণুপুৰ আৰু কালাপাহাৰ শাখাৰ সহযোগত অনুষ্ঠিত এক অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সকলোকে পবিত্ৰ ষট পূজাৰ শুভেচ্ছা জ্ঞাপন কৰি ষট পূজাই অসমত সাৰ্বজনীন ৰূপ পোৱা বুলি ব্যক্ত কৰি ইয়াৰ জৰিয়তে অসমত বিহাৰী সম্প্ৰদায়ৰ লোক আৰু অসমীয়া লোক সকলৰ মাজত সম্প্ৰীতি-ভাতৃত্ববোধৰ এনাজৰী ডাল সুদৃঢ় হৈছে বুলি মন্তব্য কৰে ৷

উক্ত অনুষ্ঠানত হিন্দুস্তানী সমাজৰ কেইবাজনো নেতা, গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন পাৰিষদ ৰূপালী দেৱী, অগপ নেতা ৰাজেন মেধিকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।

Exit mobile version