নগাঁৱত নিষিদ্ধ ড্ৰাগছ্‌ ব্যৱসায়ত লিপ্ত দম্পতীসহ তিনিজনক গ্ৰেপ্তাৰ

77516495

নিষিদ্ধ ড্ৰাগছ্‌ ব্যৱসায়ৰ বিৰুদ্ধে পৃথক অভিযানত নগাঁও আৰক্ষীয়ে দম্পতীসহ তিনিজনক গ্ৰেপ্তাৰ কৰিছে । এই অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নগদ ধনৰ উপৰি বুজনসংখ্যক নিচাযুক্ত দ্ৰব্যও জব্দ কৰে । যোৱা নিশা এক দম্পতী আৰক্ষীৰ জালত পৰাৰ পাছত আজি এজন কুখ্যাত ড্ৰাগছ্‌ ব্যৱসায়ী গ্ৰেপ্তাৰ হয় ।

নগাঁও আৰক্ষীৰ দল এটাই যোৱা নিশা এক গোপন সূত্ৰৰ ভিত্তিত চহৰৰ খ্ৰীষ্টানপট্টিৰ এ ডি পি ৰোডত অভিযান চলায় । এটা বাসগৃহত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ্‌, বিলাতী সুৰাৰ বটল, নগদ ৬৭ হেজাৰ টকা আৰু ড্ৰাগছ্‌ ব্যৱসায়ত ব্যৱহৃত বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰে । আৰক্ষীয়ে লগতে বাসগৃহত বাস কৰা দম্পতী মৌচম খন্দকাৰ আৰু ৰেছমা বেগমক গ্ৰেপ্তাৰ কৰে ।

আৰক্ষী সূত্ৰই জনোৱা মতে, ধৃত দম্পতীয়ে দীৰ্ঘদিন ধৰি নিজগৃহত ড্ৰাগছৰ ঘাটি পাতি ড্ৰাগছ্‌ আৰু অবধ্য বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । নগাঁও আৰক্ষীয়ে আজি এন ডি পি আইনৰ অধীনত ২৮৬১/২০২০ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি ধৃত দম্পতীক আদালতত হাজিৰ কৰায় । আদালতে দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে ধৃত খন্দকাৰক নগাঁও আৰক্ষীয়ে পূৰ্বেই ড্ৰাগছ্‌ ব্যৱসায়ত জড়িত অভিযোগত গ্ৰেপ্তাৰ কৰিছিল । ইপিনে, আজি বিয়লি নগাঁও আৰক্ষীয়ে চহৰৰ দাঁতিকাষৰীয়া মধুপুৰত অভিযান চলাই কুখ্যাত ড্ৰাগছ্‌ ব্যৱসায়ী জলিল মীৰ ওৰফে ককাক গ্ৰেপ্তাৰ কৰে ।

Exit mobile version