বিজেপিয়ে আমাক নললেও একো নাই কিন্তু মুখেৰে কলে নহ’ব, স্পষ্ট কৰক : হাগ্ৰামা মহিলাৰী

WhatsApp Image 2020 11 20 at 7.09.04 PM

চিৰাঙৰ বাসুগাঁওত অনুষ্ঠিত এক সভাত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি কয় যে বিজেপি দলে আমাক ল’লেও কোনো কথা নাই নল’লেও কোনো আপত্তি নাই । সেইটো বিজেপিৰ কথা । বিজেপিয়ে যদি ওপৰত সিদ্ধান্ত লৈছে তেনেহ’লে আমাৰ ক’ব লগা একো নাই । কিন্তু হাগ্ৰামা মহিলাৰীৰ হাতত অহা তথ্য মতে বিজেপি দলে আজিলৈকে বিপিএফ দলক এৰি দিব বুলি কোনো সিদ্ধান্তই হোৱা নাই বুলি কয় মহিলাৰীয়ে। তাৰ পিছতো যদি বিজেপি দলে বিপিএফ দলক খেদাই দিয়ে তেনেহ’লে দিছপুৰৰ পৰা আহিবই লাগিব ।

লগতে এৰাৰ কথা স্পষ্ট কৰিবলৈ প্ৰত‍্যাহ্বান জনায় মহিলাৰীয়ে। বিজেপি দলক যদি বিপিএফৰ প্ৰয়োজন নাই তেনেহ’লে খেদাই দিয়ক বুলি বাৰে বাৰে কয় মহিলাৰীয়ে । আজিলৈকে আমাক লব লাগে বুলি কোৱা নাই আৰু ভৱিষ্যতেও মই নকওঁ বুলি স্পষ্টভাৱে জনায় হাগ্ৰামা মহিলাৰীয়ে ।

আনহাতে, বিটিচি পৰিষদীয় নিৰ্বাচনত গোপন বুজাবুজি কৰি বিজেপি দলে কিছুমান সমষ্টিত ইউপিপিএল দলক এৰি দিছে আৰু কিছুমান সমষ্টিত ইউপিপিএল দলে বিজেপি দলক এৰি দিছে কিন্তু বিজেপি আৰু ইউপিপিএল দলৰ এই বুজাবুজি মুকলিকৈ হোৱা নাই যদিও নিৰ্বাচনী পথাৰত তেওঁলোকে এই গোপন বুজাবুজিৰেই কাম কৰি আছে বুলি অভিযোগ কৰে হাগ্ৰামাই ।

এইবাৰৰ বিটিচি পৰিষদীয় নিৰ্বাচনত বিশেষ কোনো অসুবিধা নহ’লে বিপিএফ দলে কমপক্ষেও ২৫ টা সমষ্টিত জয় লাভ কৰাটো নিশ্চিত আৰু বিপিএফ দলে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে । আজি চিৰাঙৰ বাসুগাঁৱত সংবাদ মাধ্যমৰ স’তে হোৱা বাৰ্তালাপত প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিজেপি দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত এনেদৰে মত প্ৰকাশ কৰে ।

ইয়াৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ছাইখং বসুমতাৰী ওৰফে বি ছাওৰাইগ্ৰা(এনডিএফবি ৰ প্ৰাক্তন সভাপতি), ১২ নং ছালাকাটি পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী আৰু পিপ’লচ জইন্ট এক্সন কমিটি ফোৰ বড়োলেণ্ড মুভমেন্টৰ নেতা জেব্ৰাৰাম মুছাহাৰীক সহ বাসুগাঁৱ পৌৰসভাৰ টাউন হ’লত স্থানীয় বুদ্ধিজীৱী, জ্যেষ্ঠ নাগৰিকৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গৰ সৈতে একমত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে মহিলাৰীয়ে ।

উক্ত মত বিনিময় অনুষ্ঠানত বাসুগাঁও বাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবী বাসুগাঁও প্ৰাথমিক চিকিৎসালয় খনক ৩০ খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নতিকৰণ কৰা, বাসুগাঁও মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰা, বাসুগাঁও চহৰত এখন অগ্নি নিৰ্বাপনৰ বাহনীৰ কেন্দ্ৰ স্থাপন কৰা, বাসুগাঁও চহৰক মহকুমা হিচাপে ঘোষণাকে ধৰি এঘাৰটা দাবী লৈ আলোচনা কৰে । বিপিএফ দলে বিটিচিত চৰকাৰ গঠন কৰাৰ পিছত বাসুগাঁওবাসীৰ সমূহ দাবী পৰ্য‍্যায়ক্ৰমে পূৰণ কৰিবলৈ যত্ন কৰিব বুলি হাগ্ৰামা মহিলাৰীয়ে আশ্বাস প্ৰদান কৰে ।

Exit mobile version