এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ হৈছে ষট পূজা। ষট পূজা ভাৰতীয় উপমহাদেশৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে নেপালৰ মধেশ অঞ্চলৰ স্থানীয় উৎসৱ । প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষট পূজা অনুষ্ঠিত কৰা হয় ৷ ভিন্ন প্ৰান্তৰ লগতে বাক্সাৰ শালবাৰীতো আজি পালন কৰে ষট পূজা ৷
শালবাৰীৰ খাগ্ৰাবাৰীত বেঁকী নৈৰ বালিচৰত আজি বিয়লি ষট পূজা উপলক্ষে শ শ ভক্তই আগবঢ়ায় পূজা-অৰ্চনা ৷ বেঁকী নৈৰ পাৰৰ বালিচৰ হৈ পৰে উদুলিমুদুলি ৷ ভক্তসকলৰ বহুতেই পাৰম্পৰিক নিয়ম অনুসৰি মাটিত বাগৰি বাগৰি সূৰ্য দেৱতাক পূজা কৰা দেখা যায় ৷