চেৰাম ইনষ্টিটিউটৰ মূখ্য কাৰ্যকৰী বিষয়া আদৰ পুনেৱালাই জনোৱা মতে অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰস্তুত কৰা ক’ভিড ভেকচিন তিনি মাহৰ ভিতৰত ভাৰতত উপলব্ধ হ’ব । ভেকচিন দুটা পৰ্যায়ত অৰ্থাৎ ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহত উপলব্ধ হ’ব ।
স্বাস্থ্যকর্মী আৰু বয়সস্থ লোকক প্ৰথমে ভেকচিন দিয়া হ’ব । আনহাতে, সাধাৰণ জনতাৰ বাবে উপলব্ধ হ’ব এপ্ৰিলত । লগতে পুনেৱালাই জনায় যে, অক্সফোৰ্ড ক’ভিড ভেকচিনৰ মূল্য হ’ব প্ৰায় ১ হাজাৰ টকা। চূড়ান্ত পৰ্যায়ৰ ট্ৰায়েলৰ সাফল্য আৰু চৰকাৰী অনুমোদনৰ ওপৰত সকলো নিৰ্ভৰ কৰে ।
দিল্লীত এক অনুষ্ঠানত পুনেৱালাই জনায় যে, দেশৰ সকলো লোকৰ বাবে প্ৰতিষেধক উপলব্ধ হ’বলৈ ২ বা ৩ বছৰ সময় লাগিব।