চিৰাঙৰ বৈখুন গাঁওৰ কুজীয়া নদীত বছৰেকীয়া মাছ ধৰা উৎসৱ

IMG 20201122 WA0006

আজি চিৰাঙৰ ঢালিগাঁও বৈখুনগাঁওৰ কুজীয়া নদীত পালন কৰা হয় বছৰেকীয়া মৎস উৎসৱ । লগতে কুজীয়া নদীত জলসিঞ্চন বিভাগৰ শ্লুইচ গেটৰ বান্ধ এৰিছে আজি । প্ৰতি বছৰৰ দৰে এইবাৰো বছৰেকত এদিন এইদৰেই জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে কুজীয়া নদীত মাছ ধৰিবলৈ ।

আনন্দ উপভোগৰ বাবে বহু লোকে মাছ ধৰিবলৈ ওলাই আহে। সময়ৰ তাগিদাত সকলো ব্যস্ত থাকে যদিও মাজতে এদিন আনন্দ লাভৰ সুবিধা যেন কোনেও এৰিব নিবিচাৰে । উল্লেখ্য যে, যিমান মানুহে মাছ ধৰে তাতোকৈ অধিক লোকে পাৰত থাকিয়ে মাছ ধৰা উপভোগ কৰে ।

Exit mobile version