আয়ুৰ্বেদ চিকিৎসকক অস্ত্ৰোপচাৰৰ অনুমতি কেন্দ্ৰৰ

Screenshot 67

মৰণমুখী ৰোগীৰ কাণত মহামৃত্যুঞ্জয় মন্ত্ৰ জাপ কৰাৰ বাবে মোটা অংকৰ পুঁজি আবণ্টন হওক বা কৰ’নাৰ ৰোধৰ বাবে ইউনানি ঔষধৰ ছুপাৰিছ, চিকিৎসা ব্যৱস্থাত নিজ ইচ্ছামতে পৰিৱৰ্তন ঘটাবলৈ গৈ বিগত কিছু বছৰত বাৰে বাৰে সমালোচিত হৈছে কেন্দ্ৰীয় চৰকাৰ । এইবাৰ আয়ুৰ্বেদ চিকিৎসকসকলক অস্ত্ৰোপচাৰৰ অনুমতি দি কেন্দ্ৰ পুনৰ সমালোচনাৰ সন্মুখীন হৈছে । কেন্দ্ৰৰ এই সিদ্ধান্তই দেশৰ চিকিৎসা ব্যৱস্থাত কাৰ্যতঃ খেলিমেলি কৰি পেলাব বুলিয়ে মত পোষণ কৰিছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন (আইএমএ)-এ । প্ৰয়োজনীয় শিক্ষা সম্পূৰ্ণ নকৰাকৈ য’তে ত’তে ‘হাইব্ৰীড’ চিকিৎসকে মূৰ দাঙি উঠিলে ৰোগীৰ নিৰাপত্তাও প্ৰশ্নৰ মুখত পৰিব পাৰে বুলি চিকিৎসকসকলৰ একাংশই ধাৰণা কৰিছে ।

আয়ুৰ্বেদ চিকিৎসকলক অস্ত্ৰোপচাৰৰ অনুমতি প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্প্ৰতি ২০১৬ৰ আয়ুৰ্বেদ স্নাতকোত্তৰ শিক্ষা আইনত সংশোধনী ঘটাইছে । যোৱা ১৯ নৱেম্বৰত এই বিষয়ত এক বিবৃতি প্ৰকাশ কৰি কেন্দ্ৰই জনায় যে স্নাতকোত্তৰ স্তৰত শল্য (সাধাৰণ অস্ত্ৰোপচাৰ) আৰু শালাক্য (কাণ, নাক, চকু, ডিঙি, মূৰ, হাড় আৰু দাঁতৰ অস্ত্ৰোপচাৰ) চিকিৎসাত অস্ত্ৰোপচাৰৰ প্ৰশিক্ষণ শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব ।

কেন্দ্ৰই লগতে জনায় যে শল্য আৰু শালক্য চিকিৎসাত স্নাতকোত্তৰ স্তৰৰ শিক্ষাৰ্থীকসকলক হাতত ধৰি প্ৰশিক্ষণ দিয়া হ’ব, যাতে শিক্ষা সম্পূৰ্ণ হোৱাৰ পাছত তেঁওলোকে স্বাধীনভাৱে অস্ত্ৰোপচাৰ সম্পন্ন কৰিব পাৰে । শল্য চিকিৎসাৰ আওতাত অংগচ্ছেদ, স্কিন গ্ৰাফটিং, লেপাট’টমী আৰু এডভান্সড্ গেষ্ট্ৰো-ইনটেষ্টিনেল অস্ত্ৰোপচাৰ কৰিব পাৰিব আয়ুৰ্বেদ চিকিৎসকসকলে । শালাক্য চিকিৎসাৰ আওতাত তেঁওলোকে চকুৰ ছানি কটা, চকুৰ মণিৰ স্থান সলনি কৰাৰ দৰে অস্ত্ৰোপচাৰ কৰিব পাৰিব । এইক্ষেত্ৰত তেওঁলোকে নিচ্ছা অনুসাৰে বিষয় বাছি ল’ব পাৰিব । যি সকলে শিক্ষা সম্পূৰ্ণ কৰিব, তেওঁলোকে এমএছ (আয়ুৰ্বেদ) শল্যতন্ত্ৰ আৰু এমএছ (আয়ুৰ্বেদ) শালাক্যতন্ত্ৰ উপাধি লাভ কৰিব ।

অৱশ্যে কেৱল স্নাতকোত্তৰ স্তৰৰ প্ৰশিক্ষণৰ ভিত্তিতে এইদৰে ৰোগীৰ স্বাস্থ্যক লৈ ল’ৰা-ধেমালিৰ তীব্ৰ বিৰোধিতা কৰিছে ভাৰতীয় শল্য চিকিৎসক, সমিতিৰ সভাপতি পি ৰঘুৰামে । সংবাদ মাধ্যমৰ আগত ৰঘুৰামে কয়, ‘অস্ত্ৰোপচাৰ হৈছে আধুনিক চিকিৎসা বিজ্ঞানৰ এক অংশ । ইয়াক কোনোপধ্যেই আয়ুৰ্বেদৰ স’তে মিহলি কৰিব নোৱাৰি। আয়ুৰ্বেদ চিকিৎসাৰ স্নাতকোত্তৰ স্তৰত প্ৰশিক্ষণৰ ভিত্তিত এমএছ উপাধি প্ৰদান কৰা সংশ্লিষ্ট লোকজনৰ হাতত ৰোগীৰ নিৰাপত্তাৰ দায়িত্ব তুলি দিয়াটো অত্যন্ত বিপজ্জনক । ইয়াৰ দ্বাৰা ৰোগীৰ চিকিৎসা আৰু নিৰাপত্তাৰ মান বিঘ্নিত হ’ব পাৰে ।’

এইক্ষেত্ৰত একমাত পোষণ কৰি আইএমএৰ সভাপতি ৰাজন শৰ্মাই কয়, ‘এক দেশ এক চিকিৎসাৰ মন্ত্ৰত দেশৰ চিকিৎসা ব্যৱস্থা খেলিমেলি হৈ পৰিব । ইয়াৰ দ্বাৰা উপযুক্ত প্ৰশিক্ষণ অবিহনেই দলে দলে ‘হাইব্ৰীড’ চিকিৎসক ওলাই আহিব, যি বিপৰ্যয় মাতি আনিব ।’ তথাপি সমালোচনাক গুৰুত্ব দিবলৈ ৰাজি নহয় চেণ্ট্ৰেল কাউন্সিল অৱ ইণ্ডিয়ান মেডিচিন (চিচিআইএম)ৰ সভাপতি জয়ন্ত দেৱপূজাৰী । তেওঁ কয়, ‘স্নাতকোত্তৰ স্তৰত অস্ত্ৰোপচাৰ, ইএনটিৰ দৰে বিষয় আয়ুৰ্বেদত বিগত ২০-২৫ বছৰ ধৰিয়ে আছে । আমাৰ আগৰে পৰাই ছাৰ্জিকেল অ’পিডি আছিল। কিন্তু ইমান দিনে ইয়াৰ আইনী বৈধতাৰ প্ৰতি কোনেও গুৰুত্ব আৰোপ কৰা নাছিল । বহু যুগ ধৰি যিটো হৈ আছে, তাক এইবাৰ কাগজে-কলমে ন্যায্যতা প্ৰদান কৰিলে ।’

Exit mobile version